0 00 1 min 3 yrs 228


ৰাঃস্বঃসংঘৰ গমাৰিগুৰি খণ্ডৰ উদ্যোগত আজি পুৱা মেৰাপানীৰ অসম নগালেণ্ড সীমান্তৰ কেইবাখনো বজাৰ এলেকাত ’চেনিটাইজেচন’ আৰু মাস্ক-চাবোন আদি বিতৰণ কৰে৷ এলেকাটোৰ সৰুপানী বজাৰ, বেনেডিক পথাৰ বজাৰ, শুকানবিল প্ৰাঃ স্বাস্থ্যকেন্দ্ৰ, কল্যাণপুৰ বজাৰ, চাংখাটি বজাৰ, তেলীশাল বজাৰ, ভেলেকি বজাৰ আৰু কাছমাৰী বজাৰ এলেকাত বিজানুনাশক দ্ৰব্য চটিওৱাৰ লগতে উল্লিখিত সামগ্ৰী সমূহ বিতৰণ কৰা হয়৷ সংঘৰ জিলা কাৰ্যবাহ ড°প্ৰেমকান্ত বৰা, বিভাগ শাৰিৰীক প্ৰমুখ শচীন মেচ, খণ্ড কাৰ্যবাহ সত্যজিত বৰা আদি উপস্থিত থকা এই কাৰ্যসূচীত দেৱজিত বৰা, জ্যোতি বসুমতাৰী, প্ৰাঞ্জল বসুমতাৰী, ডিম্বেশ্বৰ চুতীয়া, বিৰাজ ৰাজখোৱা, সনাতন হাজৰিকা, স্বপন নাৰ্জাৰী, অমৰ বড়ো, নিজুম বসুমতাৰী, দনেন্দ্ৰ ব্ৰক্ষ্ম, জয়ৰাম বসুমতাৰী, বাবুল ব্ৰক্ষ্ম, বুদ্ধদেৱ বসুমতাৰী, পূৰ্নিমা বসুমতাৰী, কুঞ্জকমল গোঁহাই, মনজিৰ কাকতি, গৌতম বৰা, যোগেশ বড়ো, হৰেশ্বৰ গয়াৰী, হেমন্ত হাজোৱাৰী, অনুপম বসুমতাৰী, গজেন টুদু, ৰিন্টু বৰুৱা, মানিক বসুমতাৰী, টিংকু পাইক, ৰিংখাং নাৰ্জাৰী, বিগৰাই বসুমতাৰী, মোলেন দৈমাৰী, মজিত বড়ো, প্ৰসন্ন শইকীয়া আদিয়ে অংশগ্ৰহন কৰে৷
ব্যুৰ’ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *