0 00 1 min 2 yrs 10

   আগন্তুক সাংসদীয় অধিৱেশনত গৌৰৱে NRC,বানপানী,ঘাইপথ উন্নয়ণ বাবে সংসদত প্ৰশ্ন উপস্থাপন কৰাৰ লগতে প্ৰধান মন্ত্ৰীৰ শিক্ষা জলপানী কাজিৰঙাত কৰ্মৰত বনকৰ্মীৰ বাবেও প্ৰযোজ্য কৰাৰ দাবী উপস্থাপন কৰিব ৷ অসমত এখন শুদ্ধ NRC হোৱাৰ লগতে NRC উন্নীত কৰণৰ নামত যাতে সাধাৰণ মানুহৰ হাৰাশাস্তি নহয় তাৰবাবে কেন্দ্ৰ গৃহ বিভাগ আৰু ৰাজ্যৰ গৃহ বিভাগৰ এখন যৌথ সমিতি গঠনৰ দাবী জনালে সাংসদ গৌৰৱ গগৈয়ে ৷ আজি বোকাখাত ব্লক কংগ্ৰেছৰ উদ্যোগত বোকাখাত নাট্য মন্দিৰত অনুস্থিত সম্বৰ্ধনা সভাত অংশ লৈ গৌৰৱ গগৈয়ে অসমৰ পৰা নিৰ্বাচিত ৩ কংগ্ৰেছ সাংসদেই অসমৰ সমস্যা সংসদত উপস্থাপন কৰিব পাৰিব বুলি কয় ৷প্ৰায় শতাধিক অনুস্থানৰ সম্বৰ্ধনা গ্ৰহণ কৰি গগৈয়ে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত অসমত শিল্পীৰ ওপৰত চলা নিৰ্যাতনৰ গৰিহণা দিয়ে ৷ লগতে তেওঁ ৰাহুল গান্ধীকেই কংগ্ৰেছৰ অধ্যক্ষ হিচাপে বিছাৰে বুলিও কয় ৷ প্ৰদেশ কংগ্ৰেছৰ সালসলনিৰ সিদ্ধান্ত অহা শণিবাৰৰ আত্মসমালোচনা সভাৰ পাছতহে নিশ্চিত হব বুলি কয় ৷ গগৈয়ে সকলো কংগ্ৰেছ কমিটিকে সম্বৰ্ধনা সভাৰ পৰিৱৰ্তে দলৰ হৈ কাম কৰাৰ আহ্বান জনাই ৷৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *