প্ৰায় 2011 চনমানৰ কথা । তেতিয়া ৰং চেনেলত “ঝংকাৰ” নামৰ ৰিয়েলিটী শ্ব এটা চলি আছিল । বৰ্তমান সময়ত শ্বটো আছেনে নাই সেয়া মই নাজানো । ঝংকাৰ ৰিয়েলিটী শ্বটো মোৰ খুব প্ৰিয় আছিল । প্ৰতিটো এপিচ’ড মনোযোগেৰে চাইছিলোঁ । সেই সময়ত ৰিদিপ্তা শৰ্মা নামৰ কণমানি ছোৱালী এজনীয়ে নিজৰ কণ্ঠ প্ৰতিভাৰে সকলোৰে হৃদয় জয় কৰিছিল । সঁচা অৰ্থত ৰিদিপ্তা শৰ্মা এগৰাকী প্ৰতিভাৱান কণ্ঠ শল্পী। ৰিদিপ্তা শৰ্মাৰ এনে এটা সুন্দৰ কণ্ঠ আছে য’ত প্ৰাণ পাই উঠে সহস্ৰ জনতা । ৰিদিপ্তা শৰ্মাই হ’ল ঝংকাৰৰ বিজয়ী । ঝংকাৰ ৰিয়েলিটী শ্বটো শেষ হোৱাৰ পাছত মই তেওঁৰ কণ্ঠ মিছ কৰিবলৈ ধৰিলোঁ । ফেচবুক ইউটিউব সকলোত বিছাৰি চলাথ কৰিছিলো কিন্তু ক’তো নাপালো ৰিদিপ্তা শৰ্মাৰ সন্ধান ।
2016 চনৰ কথা । এণ্ড টিভি নামৰ চেনেল এটাত হোৱা “ভইছ্ ইণ্ডিয়া কিডচ ” নামৰ ৰিয়েলিটী শ্ব এটাত হঠাত দেখিলো ৰিদিপ্তা শৰ্মাক । মই আচৰিত নহৈ নোৱাৰিলো । প্ৰথম অৱস্থাত মই মানি ল’বলৈটান পাইছিলো যে তাইয়েই সেই 2011 চনৰ ঝংকাৰৰ বিজয়ী ৰিদিপ্তা শৰ্মা ।
কিয়নো 2011 চনৰ ৰিদিপ্তা আৰু 2016 চনৰ ৰিদিপ্তা শৰ্মাৰ মাজত দেখাত কিছু পাৰ্থক্য আছিল । আৰু এয়া কোনো অস্বাভাৱিক নহয় । কিয়নো 2011 চনৰ ৰিদিপ্তা মাথো ৬ নাইবা ৭ বছৰীয়া আছিল । আৰু এতিয়াৰ ৰিদিপ্তা এজনী ১৪ বছৰীয়া ডাঙৰ ছোৱালী ।
লাহে-লাহে ভইছ্ ইণ্ডিয়া কিডচ শ্বটোৱো মোৰ ভাল লাগিবলৈ ধৰিলে ।
দূৰ্ভাগ্যজনকভাৱে ৰিদিপ্তা শ্বটো ৰ বিজয়ী হ’ব নোৱাৰিলে কিন্তু তাৰ অৰ্থ এইটো নহয় যে ৰিদিপ্তা প্ৰতিভাৱান নহয় । নিঃসন্দেহ কব পাৰি যে ৰিদিপ্তা প্ৰতিভাৱান কণ্ঠ শল্পী ।
নলবাৰীৰ জীয়ৰী ৰিদিপ্তা শৰ্মাই নিজৰ ঘৰখনৰ পৰাই লাভ কৰিছিল সঙ্গীতৰ আদি পাঠ । নিজকে এগৰাকী সফল কণ্ঠ শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা ৰিদিপ্তা শৰ্মালৈ আমাৰ তৰফৰপৰা হিয়াভৰা শুভেচ্ছা থাকিল । তুমি আগুৱাই যোৱা ।