0 00 1 min 4 yrs 237

গীতাৰ্থ  উচ্চত্বৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আৰু গায়ত্ৰী অষ্টম শ্ৰেণীৰ ছাত্ৰী । দুয়ো মেধাসম্পন্ন । গীতাৰ্থই গায়ত্ৰীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল কিন্তু গায়ত্ৰীয়ে সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল । ক্ৰমান্বয়ে দিন বাগৰিল গায়ত্ৰী নৱম শ্ৰেণীলৈ আৰু সি উচ্চত্বৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হ’ল ।  গীতাৰ্থই ক’লেজলৈ যাওঁতে গায়ত্ৰীহঁতৰ ঘৰৰ ফালে চাই যায় একমাত্ৰ তাইক দেখাৰ আশাতেই । তাই ও সি অহাৰ সময়ত তালৈ অপেক্ষা কৰে । এনেদৰেই যেন আৰম্ভ হৈছিল দুয়োৰে মধুৰ প্ৰেম । তেওঁলোকে ইজনে সিজনক বহুত ভাল পায় । লাহে লাহে দুয়ো দুয়োকে এদিন নেদেখিলেই এবছৰ যেন লগা হ’ল । প্ৰেম গভীৰ হৈছিল । গায়ত্ৰীয়ে গীতাৰ্থক নিজতকৈয়ো বেছি বিশ্বাস কৰিছিল । কথা হৈছিল দুয়োৰে মাজত জীৱনৰ অন্তিম মুহূৰ্ত পৰ্যন্ত দুয়ো দুয়োৰে কাষত থকাৰ । গীতাৰ্থৰ প্ৰতিটো সুখ-দুখত গায়ত্ৰীয়ে অক্সিজেনৰ দৰে লগ দিছিল । কিমান যে কথা পাতিছিল সিহঁতে ! কিমান যে সপোন দেখিছিল গায়ত্ৰীয়ে নিৰৱে ! গীতাৰ্থৰ নামতেই তাই সৃষ্টি কৰিছিল সিহঁতৰ প্ৰেমৰ পৃথিৱী । সি মেছেজ বা ফোন প্ৰথমে নকৰিলেই তাই মুখ ফুলাইছিল । সি তাইক নেদেখা পৰ্যন্ত গায়ত্ৰীহঁতৰ ঘৰৰ পিছফালে থকা পুলত বহি বালিৰে G বুলি লেখি বহুত সময় পাৰ কৰিছিল । গীতাৰ্থৰ খং উঠিলে তাই সৰু ছোৱালীৰ দৰে হৈ তাৰ ঠেহ ভাঙিছিল । বছৰ বাগৰি যোৱাৰ পাছত সি চহৰৰ ক’লেজত পঢ়িবলৈ ল’লে আৰু তাইও ঘৰৰ ওচৰৰে ক’লেজ এখনত পঢ়িবলৈ আৰম্ভ কৰিলে । নিষ্ঠুৰ সময়ে বিষাদৰ এটা টোপোলা তাই লৈ চটিয়াই দিছিল । যিটো বিষাদ গীতাৰ্থই তাইক দিব বুলি কল্পনাও কৰিব পৰা নাছিল । তাইৰ বিশ্বাস ভংগ কৰি , সপোনবোৰ ভাঙিয়েই সি আঁতৰি গৈছিল নি:শব্দে । ইমানৰ পিছতো আত্মাবিশ্বাস হেৰাবলৈ দিয়া নাই তাই । বিলাসীতাত মুগ্ধ হোৱা নাই তাইৰ সপোন । হৃদয়েৰে সেয়ে আজিও বিচাৰে তাই ‘গীতাৰ্থৰ জয় হওঁক । তাৰ সকলো সপোন বাস্তৱায়িত হওক ।

Leave a Reply

Your email address will not be published. Required fields are marked *