0 00 5 yrs 85
   
ডাক্তৰ অজিত দলৈ আৰু নিলিমা ফুকনক শাস্তিমুলক বদলিৰ লগতে দন্ত চিকিৎসক উদীপ্ত প্ৰাণ দাসক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷আজি দিনৰ  ১১ মান বজাত হৰ্ঠাৎ বোকাখাত ছহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়।কৰ্তব্যত উপস্হিত নথকা চিকিৎসকৰ ফোন নম্বৰ সংগ্ৰহ কৰি ফোনেৰে হিন্দী  ” বোলচবি “নায়ক”ৰ অভিনেতা অনিল কাপুৰৰ দৰে চিকিৎসকক বৰ্খাস্ত কৰে।
চিকিৎসক সকলক ব্ৰেণ্ডেত ঔষধৰ পৰিৱৰ্তে চিকিৎসালয়ত মজুত থকা ঔষধ লিখিবলৈ নিৰ্দেশ দিয়ে  ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুজ হাজৰিকাই বৃহস্পতি বাৰে চাডেন ভিজিট কৰি কৰ্মত উপস্থিত নথকা চিকিৎসকৰ ওপৰত হাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰে। চিকিৎসালয় খনত  ১১ গৰাকী ডাক্তৰৰ ভিতৰত মাত্ৰ তিনিগৰাকী চিকিৎসক  উপস্থিত আছিল চিকিৎসালয়ত৷ চাডেন ভিজিটৰ কালত কামত উপস্থিত নথকা দুগৰাকী ডাক্তৰক শাস্তিমুলক বদলিৰ লগতে এগৰাকীক চাকৰিৰ পৰা বহিস্কাৰ কৰে ৷

পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *