0 00 1 min 5 yrs 219

পাহ নিখোজ বনৰীয়া ফুলৰ সন্ধানত 

এজন চিত্ৰকৰৰ
ভাগৰুৱা গীত’
তই কোন দেউতাৰ পুতেক’ !
সেই গীতৰেই গোপন সভাত কিন্তু
আয়ে শুনাই
“মাটিৰ তলৰপৰা ফুলবোৰ ওলাই অহা দেশৰ সাধু
পৰ্বতীয়া দেৱীৰ ওৰুলিত 
পদুমী বুকুত অৰণ্য ..”
অৰণ্যৰ নিয়ৰৰ চেঁ‌চাই
পৰিচয় দিয়ে ক্ৰমশঃ
সেউজীয়া গছ-লতাৰ 
পূৱ আৰু পশ্চিম
জোনাকৰ শেষত পগলাৰ সংবাদ,
এই সময়তে সলনি হয় দৃশ্যপট 
দৰ্শকৰ চকুত চাৰ্লি, 
চাৰ্লিৰ ভয়ত ভূত
বৰষুণত নেদেখা হয় 
ইজনে আনজনৰ চকুলো ..
সিপাৰৰ আকাশত তথাপি আঁ‌কি থাকে 
এজন চিত্ৰকৰে বৰষুণ ফালি 
তেজাল ভাগৰৰ বেজাৰ
মাত্ৰ এমুঠি আয়ুসলৈ ..!!
অনুপ অসমীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *