0 00 1 min 5 yrs 85

বৰষুণত ভৰ দি আকাশলৈ চাইছোঁ‌
কথা পাতিছোঁ‌
এ আকাশ
মই বৰষুণ আজি
বাৰিষাৰ ধৰাত
মোৰ দুহাত ভাঙি খহিছে
বিষাদৰ বাৰিষাত
বৰ মনত পৰিছে
উহ ! নাহিবি অ পুৰণি
আৰু এজাক দিয়া
জাক জাক দিয়া
পাৰিলে সিঁ‌চা পাৰিজাত
নেগুৰীয়া বতাহৰ সৈতে
বৰষুণৰ সৈতে
মঁ‌চি দিয়া অতীত
অপমাণ যন্ত্ৰণাক..

– – – – – – – – – – – – –
অনুপ অসমীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *