0 00 1 min 4 yrs 226

     এই সময়ত জাতীয় সমাজতন্ত্ৰই ৰাইজৰ বাবে উপযুক্ত মতাদৰ্শ। ৰাইজে বুজিব চেষ্টা কৰক ‘হিটলাৰৰ চেলাই বাংলাদেশী বিচাৰি অসম কাটিছে।’! কিন্তু ৰামায়ণ সেনাই নাজানে উৰুখা পঁ‌জাটিত জুই দিলে তাৰ ফিৰিঙতি ৰজাৰ ঘৰতো পৰে। ধৰ্মক ৰাজনীতি হিচাপে লৈ পূৰ্বাঞ্চলৰ অৰ্থনীতিক থানবান কৰাৰ এয়া এক ষড়যন্ত্ৰ। নদী, তেল, চাহ চব বিক্ৰী গ’ল। সেউজীয়া অৰণ্য কেইখন সাঁ‌চি ৰাখিছে বিদেশীভাষীৰ বাবে। এটকীয়া চাউলৰ ব্যৱস্থাৰে হাল-মাটিৰ ধ্বংস কৰাৰ পৰিকল্পনাত কোন সফল হ’ল? কৃষক কাৰ শ্ৰমিক হ’ল? সঁ‌চা যে ৰাজপথেদি অহিংস আন্দোলন আকৌ হ’ব। পুলিচ-মিলিটাৰীৰ নৃশংস তাণ্ডৱত অসমীয়া ইতিমধ্যেই পংগু । বিদেশেও দেখিছে বৰাকৰ নিয়ন্ত্ৰণত আই মাতৃৰ ভাষাৰ বুকুত নৰাতংক । ভয় এই বাবেই যে আজিৰ যুৱকক কোনেও বুজাব নোৱাৰে, বাধা দিব নোৱাৰে। সেউজীয়া অসমৰ চোতালত প্ৰতিবাদী কণ্ঠৰ পুনৰ গুপ্ত হত্যা নহওক। কেবৰ বাবে অসমীয়া ডেকাৰ তেজৰক্ত শৰীৰ ৰজাঘৰীয়াই কিয় চাব খুজিছে ..? ৮৫৫ জনৰ পাছত কাৰ কিমান ৰাজনৈতিক উদ্দেশ্য আছিল আমি গম পালোৱেই।
   আহ অসমীয়া আহ, উজনি-নামনিৰ জোটাপুটি সামৰি আহ। সামন্তীয় স্বাৰ্থক পুৰি পেলাও আহ । 
( শ্ল’গান: বিদেশী শক্তিয়ে লুইতৰ সম্পদক ঘোলা কৰাৰ প্ৰচেষ্টা বন্ধ কৰক)
————————————
অনুপ অসমীয়া, তেজপুৰ
৯৭০৬৮৬৪২০৯

Leave a Reply

Your email address will not be published. Required fields are marked *