0 00 4 yrs 230

লঙৰ সিফালে পুখুৰী

মাজতে
এখন শ্মশান !
তাৰ পৰাই ভাঁ‌হি অহা
ধোঁ‌ৱাময় ঈশ্বৰে
চিনাকি দিয়ে
উলংগ শৰীৰৰ বগা চেলেং!!
দুখন চিতা জ্বলি থাকে
চিতাৰ কাষতে খেলে শৈশৱে 
ৰাগবীৰ দৰে এবিধ খেল!
আচম্বিতে ছিটিকি আহে বলটো 
মূৰৰ পৰা বৈ আহে 
ৰঙানৈৰ উশাহ ..
ফাগুনী বতাহে উৰাই ধূলি
কপৌৰ ৰুণৰ দৰে 
তেজে কাটে বুকুৰ উকি!!
অনুপ অসমীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *