0 00 1 min 5 yrs 229

 পদূলি উদূলি-মুদূলি

আয়োজন চলিছে উৎসৱ উদযাপনৰ
মই ঢপলিয়াই আহিছোঁ‌
আহিনৰ স’তে উপভোগ কৰিবলৈ।
মই পাৰ হৈ আহিলোঁ‌ নদীখন
তাত নৈসৰ্গিক আয়োজন
ৰৈ ৰৈ শুনি শুনি
চাই চাই হেঁপাহ নপলায়
কি অপূৰ্ব দৃশ্যৰ কল্লোল ধ্বনি!                  মোৰ মন প্ৰাণ পুলকিত কৰে ।
খেতিয়কৰ বিস্তৃৰ্ণ পথাৰৰ আলিয়েদি
ৰৈ ৰৈ চাই চাই পাৰ হৈ আহিলোঁ
ভৰপক যৌৱনোদ্দীপ্ত হৈ
সজাল ধৰা ধাননিৰ গা বাঢ়িছে
তাতো সেউজীয়াৰ আয়োজন চলিছে
কি সুন্দৰ শ্যামলী গোন্ধৰ কৰলৱ!
আজি আহিনৰ পদূলিত ৰৈ ৰৈ দেখিছোঁ‌
সৌ আকাশত নীলা ৰঙৰ দলিচা পাৰি
যেন শুভ্ৰ ডাৱৰে প্ৰেম মেহফিল পাতিবলৈ
অধীৰে ৰৈ আছে আপোন প্ৰেয়সীলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *