0 00 1 min 4 yrs 199

 হয়তো গুছি যাম 

কোনো নিদ্ৰিত ৰজনীত
কোনো অজ্ঞাত পথলৈ
নিজান নিৰল বনলৈ
হয়তো কোনেও গমেই নাপাব
য’ত নাথাকিব কাৰো বাবে অভিমানী আক্ষেপ
মোৰ বাবে নুঠিব উচুপি কোনেও
সেইদিনা পুৱাও 
সূৰুযে হাঁহিব পূৱত
জোন তাৰও কথা পাতিব
একেই ধিমিক ধামাক পোহৰত
নদীখনো বৈ যাব 
একেই ভটিয়নী পথত
মাথোঁ  শেতেলিত পৰি ৰ’ব 
এটি অক্লান্ত শৰীৰ
যি হ’ব সেই নিদ্ৰিত ৰজনীৰ
অন্তিম সাক্ষী   ।। 
____ মুন ৰাজবংশী
নলবাৰী

Leave a Reply

Your email address will not be published. Required fields are marked *