এদিন হয়তো গুছি যাম
কোনো নিদ্ৰিত ৰজনীত
কোনো অজ্ঞাত পথলৈ
নিজান নিৰল বনলৈ
হয়তো কোনেও গমেই নাপাব
য’ত নাথাকিব কাৰো বাবে অভিমানী আক্ষেপ
মোৰ বাবে নুঠিব উচুপি কোনেও
সেইদিনা পুৱাও
সূৰুযে হাঁহিব পূৱত
জোন তাৰও কথা পাতিব
একেই ধিমিক ধামাক পোহৰত
নদীখনো বৈ যাব
একেই ভটিয়নী পথত
মাথোঁ শেতেলিত পৰি ৰ’ব
এটি অক্লান্ত শৰীৰ
যি হ’ব সেই নিদ্ৰিত ৰজনীৰ
অন্তিম সাক্ষী ।।
মুন ৰাজবংশী