0 00 1 min 4 yrs 234

বিধৱা। 
প্ৰকৃতিৰ নিয়ম অথচ সমাজপ্ৰদত্ত অখালডাঁৰ। 
স্বামীৰ অনুপস্থিতিত বিধৱাৰ পিন্ধনত কিয় লাগে শুভ্র পোছাক? 
অকপট স্বীকাৰোক্তি —
উলংগ দেশত ধোবাৰ অপ্ৰয়োজন। 
কিন্তু
পুৰুষৰ অনুপস্থিতিত নাৰীৰ হয় জানো শূণ্য অস্তিত্ব? 
বিধৱা মানেই 
উপহাসৰ অগ্নিকণাৰে জীৱনৰ জ্বলন নেকি? 
বিধৱা মানেই
এগৰাকী নাৰীৰ সন্তোষ্টিবোৰৰ অন্ত্যেষ্টি-ক্ৰিয়া নেকি? 
নে…. 
বিধৱাৰ অৰ্থ কেৱল শূণ্য অৱকাশ! 
নে….
ভোগসৰ্বস্ব সমাজৰ ক’লা অধ্যায়ৰ অন্য নাম বিধৱাৰ জীৱন! 
যদি অৰ্থ এয়েই
তেন্তে
আমাৰ বিবেক আপঁইতা, 
আমাৰ সমাজৰ খিৰিকিখন মামৰে ধৰা। 
যিখন সমাজত
সধৱা নাৰীৰ স’তে চলে প্ৰেমৰ আৱাহন, 
বিকল্পশূণ্য কৰি
সেইখন সমাজতে 
বিধৱাক কিয় যাচে পুতৌৰ শুভ্র আভৰণ? 
যিখন সমাজত 
বিধৱাৰ বেদনাৰ বৰ্হিপ্ৰকাশ ঘটে বগা পোছাকত, 
যিখন সমাজত 
বিধৱা সদায় উপেক্ষণীয় আৰু দুখ যাচে নাৰীৰ হৃদয়ত;
সেইখন সমাজৰ সভ্যতা কি? 
যিখন সমাজত
বিধৱা মানেই সমজুৱাৰ আচৰণ উৎসাহৰ উৎসাদন, 
যিখন সমাজত
বিধৱা মানেই পদে পদে মানসিক উৎপীড়ন ;
সেইখন সমাজৰ ভৱিষ্যত কি? 
এগৰাকী বিধৱাৰো সপোন নথকা নহয়, 
বৈধৱ্য জীৱনৰো সুকীয়া ৰং নথকা নহয়। 
বৈধৱ্য জীৱন সমাজৰ নহয় অভিশাপ, 
আমাৰ উপহাসহে বৈধৱ্য জীৱনৰ নিকৃষ্ট অপলাপ। 
জ্ঞানী যদি বিবেকবান নহওঁ কিয়? 
অনৰ্থক জানিও বিধৱাৰ ৰীতি মানিছোঁ কিয়? 
হাতৰ মুঠিতেই হেৰোৱা ৰঙৰ বেদনা
আমাৰ অকণমান উৎসাহে মচি পেলাওঁ আহক…. 
নাৰীক ব্যৱহাৰ নহয়, সন্মান কৰোঁ আহক…. 
বিধৱাক উপেক্ষা নহয়, প্ৰেৰণা যাচোঁ আহক……। 
✒ অন্তৰীপ কাকতি
      জগন্নাথ বৰুৱা মহাবিদ্যালয়
      যোৰহাট, অসম

Leave a Reply

Your email address will not be published. Required fields are marked *