0 00 4 yrs 245

                ✍️ডিম্পী শৰ্ম্মা
তোমাৰ স্মৃতিবোৰে মোক সদায় 
সপোনত বৰকৈ আমনি কৰে অʼ
কিন্তু তোমাৰটো আহৰিয়েই নাই
মোৰ এবাৰ খবৰ লবলৈ,
মাথোঁ তোমাৰ আমনি লগা সময়ৰ 
মই এক জীৱন্ত পুতলা মাত্ৰ হৈ পৰিছোঁ।
নোৱাৰা হৈছোঁ তোমাৰ 
আমনি লগা সময়ত মাথোঁ তোমাৰ
মন ভাল কৰি থাকিবলৈ,
কাৰণ তোমাৰ আমনি নালাগা সময়তটো
তুমি পাহৰিয়েই যোৱা মই কোন?
হয়টো এতিয়া তোমাৰ প্ৰতি থকা মোৰ
 মৰমবোৰ আৰু সপোনবোৰ
মোৰ হৃদয়তে কবৰ দিবলৈ ধৰিছোঁ,
তোমাৰ স্মৃতিবোৰৰ চিতা সজাই থৈছোঁ,
তুমি আহি তাত জুই লগাই দিয়াৰ
 কষ্ট কৰিবা নেকি বাৰু?
হয়টো তুমি জ্বলাই দিলে 
ৰুদ্ধ আকাশত বিলীন হৈ পৰিব 
মোৰ এই অপৈয়নত আশাবোৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *