আজুৰি আনি পান কৰিম
মোৰ খিৰকীৰ সিপাৰৰ এপিয়ল জোনাক
ৰূপালী জোন জনীৰ ৰগীত মাতাল হ’ম মই
মাতাল হ’বলৈও যে এটা অজুহাত লাগে,
প্ৰায়ে এটা সপোনে মোক শুবলৈ নিদিয়ে
সেই সপোনৰ পিঠিত উঠি মোৰ অবিনাশী যাত্ৰা
দূৰ দিগন্তৰ মায়াৱী আভালৈ
তাতে তোমাৰ মিঠা হাঁহিৰ মৃদু স্পদন,
তুঁহ জুইৰ দৰে উমি উমি জ্বলিব
মোৰ হৃদয়ৰ প্ৰেমৰ ফিল’চফি
টোপাল টোপাল কৈ নিয়ৰ সৰিব
মোৰ তেজাল আস্ফালনৰ শোণিত কুঁৱৰী,
নাজানো প্ৰেম কি !
কোনো পাৰ্কৰ এন্ধাৰ এচুক
নে, তোমাৰ কোমল ওঁঠত মোৰ ওঁঠ,
তোমাৰ শিৰত মোৰ সেন্দুৰ
নে, মই বুজাব নোৱাৰ অনুভূতি বোৰ,
কি নো প্ৰেম !
ফেমেলি ষ্টেটাছ নে জাত
তুমিওটো নুবুজা নহয়, প্ৰেম কি!
প্ৰেমৰ হিষ্ট্ৰী, ইক’নমিকচ, লজীক
আৰু…………
প্ৰেমিকাৰ শৰীৰৰ অসমতল জি’গ্ৰাফী
ইণ্ডিয়ান আৰ্মি
নে, জনহিতাৰ্থে অসম আৰক্ষী ?
মই তোমাক লৈ ব্যস্ত নহয়
মোৰ খিৰকীৰ সিপাৰৰ এপিয়ল জোনাক
আৰু মই মতলীয়া।।