মনত এক অবুজ শিহৰণ জাগি উঠিছিল
তাইক দেখাৰ পৰাই কিয় নাজানো তাইৰ প্ৰতিচ্ছবি মোৰ চকুৰ আগত ভাহি থাকে
প্ৰতি পলে প্ৰতি উশাহতে তাইৰ কথা মনলৈ আহে
তাইৰ কি চকু চাবা
কি গাল চাবা
তাইৰ কি লাৱনি দেহা
বাহ্যিকতে তাই ইমান ধুনীয়া যেতিয়া
তাইৰ অন্তৰখন আৰু ধুনীয়া হব
তাইৰ কঠনশৈলী
তাই মাত শুনিলে
এক অনামী শিহৰণ জাগি উঠে
তাইৰ আলফুলীয়া কথাবোৰে
মোক তাইৰ প্ৰেমত পৰিবলৈ বাধ্য কৰাইছে
নাজানো তাই কি ভাবে কিন্তু মোৰ মনে এতিয়া মাথো তাইৰ কথাই ভাবি থাকে
তাইৰ মিঠা মাতটো মোৰ কাণত বাজি থাকে
নাজানো তাইৰ অন্তৰত মোৰ বাবে ঠাই আছে নে নাই
কিন্তু মোৰ অন্তৰত তাইৰ বাবে ঠাই চিৰদিনলৈ থাকিব
মোৰ মনৰ দুৱাৰ সদায় খোলা থাকিব
আচলতে তাইৰ বাবে মোৰ মনত এক অবুজ প্ৰেম জাগি উঠিছে
এক অবুজ প্ৰেম
✍ প্ৰাঞ্জল শংকৰ