0 00 1 min 5 yrs 170

এটকা মাত্ৰ প্ৰতিদনৰ দান যি কেৱল ভাৰতীয় সেনাৰ বাবে। মোডী চৰকাৰে কালি কেবিনেটৰ মিটিংৰ পিছত ভাৰতীয় সেনাৰ আধুনিক সা- সুবিধা দিবৰ বাবে আৰু সেনা জোৱান সকল যুদ্ধক্ষেত্ৰত আঘাত প্ৰাপ্ত হলে অথবা শ্বহীদ হলে তেওঁলোকৰ নামত খৰছ কৰিব পৰাকৈ এটা বেংকৰ একাউণ্ট খুলিছে। যত প্ৰতিজন ভাৰতীয়ই স্ব-ইচ্ছাৰে  অনুদান আগবঢ়াব পাৰিব। যিটো *১ টকাৰ পৰা অসীমিত পৰিমাণৰ হ’ব পাৰে* ।

এই টকা সেনা তথা অৰ্দ্ধসেনা বাহিনীৰ বাবে  অস্ত্ৰ আদি ক্ৰয়ৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব। *মন কী বাত তথা ফেচবুক, টুইটাৰ ,ৱাটছআপ* আদিৰ জৰিয়তে বিভিন্ন ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাৰ পিছত আজিৰ ভয়ানক পৰিস্থিতিৰ পিছত মোডী চৰকাৰে অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰি নতুন দিল্লীৰ *ছিণ্ডিকেট বেংকত আৰ্মী ৱেলফেয়াৰ ফাণ্ড বেটল কেজুৱেলটি ফাণ্ড একাউণ্ট খোলে*

এইটো অভিনেতা *অক্ষয় কুমাৰৰ* মাষ্টাৰ ষ্ট্ৰক হয়। যিটোৰ জৰিয়তে ভাৰতক অসীম শক্তিলৈ ৰূপান্তৰ হোৱাত আৰু কোনেও বাধা দিব নোৱাৰে। ভাৰতৰ ১৩০ কোটি জনসংখ্যাৰ যদি ৭০ শতাংশয়ো প্ৰতিদিনে ১ টকাকৈ যদি এই ফাণ্ডত জমা কৰে  তেতিয়াহলে সেই ১ টকাই প্ৰতি দিনে ১০০ কোটি হ’ব। ৩০ দিনত ৩,০০০ কোটি আৰু এবছৰত ৩৬,০০০ কোটি হব। ৩৬,০০০ কোটি পাকিস্তানৰ বাৰ্ষিক ৰক্ষা বাজেটো নহয়। আমি প্ৰায় প্ৰতিদিনেই ১০০ অথবা ১০০০ টকা কিবা নহয় কিবা অদৰকাৰী কামত খৰছ কৰোঁ।কিন্তু  আমি যদি ১ টকাকৈ হলেও সেনা বাহিনীৰ নামত দান দিওঁ তেতিয়াহলে সঁচাকৈয়ে ভাৰত এদিন *চুপাৰ পাৱাৰ* লৈ ৰূপান্তৰ হ’ব।

আপোনাৰ এই টকা প্ৰত্যক্ষ ভাবেই *সেনা সহায়ক আৰু ৱাৰ কেজুৱেলটি ফাণ্ডত* জমা হ’ব। যি সেনাৰ বিভিন্ন সামগ্ৰী ক্ৰয় কৰাত আৰু সেনা সকলৰ হিতাৰ্থে ব্যয় কৰা হ’ব।

পাকিস্তান মূর্দাবাদ ধ্বনি দি, পথ অৱৰোধ কৰি একো লাভ নাই। দেশৰ ভেটি শক্তিশালী কৰাত অংশীদাৰ হোৱাটো এতিয়া মুখ্য কাম।ইয়াৰ ফলত পাকিস্তান আৰু চীনক আমি আন দেশৰ সহায় অবিহনে *মুখ ভাঙি যোৱাকৈ* উত্তৰ দিব পাৰিম। বেংকৰ সবিশেষ তলত দিয়া হ’ল-

*SYNDICATE BANK*
*A/C NAME: ARMY WELFARE FUND BATTLE CASUALUTIES*
*A/C NO:90552010165915*
*IFSC CODE:SYNB0009055*
*SOUTH EXTENSION BRANCH,NEW DELHI*

জয় হিন্দ।

#*সংগৃহীত*

Leave a Reply

Your email address will not be published. Required fields are marked *