0 00 1 min 5 yrs 217
অভিনয় যেন তেওঁৰ বাবে মৃত সঞ্জীৱনি হে । অভিনয়তেই যেন জীয়াই থকাৰ আনন্দ তথা উদ্দেশ্য বিচাৰি পায় । অভিনয়ক মনে-প্ৰাণে ভালপোৱা ছোৱালী এজনী হৈছে ৰাখী । মনত বহুতো সপোন তথা আশা নিজকে এগৰাকী সফল অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ । তেওঁৰ দৃঢ় বিশ্বাস যে এদিন নহয় এদিন তেওঁ সফল হ’বই।
সেয়হে তেওঁ এতিয়াৰেপৰাই প্ৰচেষ্টা অব্যাহত ৰাখিছে । চেষ্টাৰ অসাধ্য একো নাই বুলি জানে আৰু সেয়ে তেওঁ নিৰন্তৰ প্ৰয়াস কৰে নিজৰ লক্ষ্যত উপনীত হ’বলৈ ।
উল্লেখযোগ্য যে এতিয়ালৈকে তেওঁ কেইবাটাও ভিডিও ত দজ্ঞতাৰে অভিনয় কৰিছে ।
ৰাখীয়ে অভিনয় কৰা এই ভিডিও কেইটা চালেই গম পাব তেওঁৰ অভিনয় প্ৰতিভাৰ কথা । কিয়নো প্ৰতিটো চৰিত্ৰ তেওঁ সুন্দৰকৈ ফুটাই তুলিছে । ৰাখীৰ ওঁঠত অনবৰতে এটা হাঁহি বিৰিঙি থকা দেখিবলৈ পোৱা যায় । যাৰ ফলত তেওঁক অধিক মোহময়ী যেন অনুভৱ হয় ।

ANJAN HANDIQUE 
GUWAHATI

Leave a Reply

Your email address will not be published. Required fields are marked *