0 00 1 min 6 yrs 211
সৰুৰেপৰা গাঁৱৰ ধূলিয়ে-বালিয়ে উমলি-জামলি ঘূৰি ফুৰা ছোৱালীজনীয়ে এতিয়া যৌৱনত ভৰি দিলে । খং অভিমান মৰম-চেনেহ সকলোবোৰ বুজি পোৱা হ’ল । গান গাব জনা হ’ল । নাচিব জনা হ’ল । আৰু বহুত কিবাকিবি জনা হ’ল । বহুত কিবাকিবিৰ আটাইতকৈ উল্লেখযোগ্য কিবাটো হ’ল অভিনয় । হয়, মই যাৰ বিষয়ে কৈ আছোঁ তেওঁ হ’ল অভিনেত্ৰী তৃষ্ণা দত্ত । তৃষ্ণা সৰুৰেপৰাই মডেলিং তথা অভিনয় জগত খনৰ প্ৰতি প্ৰবল আগ্ৰহী আছিল । সহজ-সৰল ব্যক্তিত্বৰ তৃষ্ণা উজনি অসমৰ গোলাঘাটৰ নিবাসী নাথোৰাম দত্ত আৰু জুৰি দত্তৰ বৰ জীয়ৰী ।
       তৃষ্ণাৰ অভিনয় যাত্ৰাৰ শুভাৰম্ভ হয় ২০১৫ চনত মিউজিক ভিডিঅৰ যোগেদি । পৰবৰ্ত্তী সময়ত তৃষ্ণাই দূৰদৰ্শনৰ কেইবাখনো ছিৰিয়েলত অভিনয় কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় । অভিনয়ৰ উপৰিও মডেলিং জগতখনৰ সৈতেও তৃষ্ণাৰ ওতঃপ্ৰোত সম্পৰ্ক । অসম তথা নৰ্থ-ইষ্টৰ বহুতো ফেশ্বন শ্ব’ত তেওঁ যোগদান কৰে । 
             তৃষ্ণাৰ মতে চেষ্টাৰ অসাধ্য একো নাই । চেষ্টা কৰিলে সকলো সম্ভৱ হয় । সেয়া অভিনয়েই হওক বা আন কিবাই হওক । একোচা সুন্দৰ চুলি আৰু সহস্ৰ জনৰ মন মোহা এটি মিঠা হাঁহিৰ গৰাকী তৃষ্ণাই অভিনয় তথা মডেলিং ৰ যোগেদি আমাৰ সোণালী অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিব বিচাৰে । তৃষ্ণাৰ এই আশা পূৰণ হওঁক ।
(ৰিম্পী গগৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *