0 10 1 min 2 yrs 185

অভয়াপুৰীৰ ধনতলাত চলিছে বগা চাউলৰ ক’লা ব্যৱসায় । চৰকাৰী বিতৰণৰ চাউল, বস্তা সলনি কৰি চলাই আহিছিল ৰমৰমীয়া ক’লা ব্যৱসায় । সোমবাৰে নিশা বঙাইগাঁৱৰ ধনতোলাৰ আব্দুল বাৰেকৰ ঘৰৰ বন্ধ কোঠাত আৰক্ষীৰ অভিযান চলে আৰু জব্দ কৰে ৫২ বস্তা চাউলৰ লগতে ৩০০ লিটাৰ পেট্ৰল । জানিব পৰা মতে সম্প্ৰতি পলায়ন কৰিছে আব্দুল বাৰেকে ।দীৰ্ঘদিনৰ পৰাই আব্দুল বাৰেকৰ ঘৰত জিয়াৰুল ইছলাম আৰু জহৰুল ইছলামে চলাই আছিল ৰাজহুৱা বিতৰনৰ চাউলৰ ক’লা ব্যৱসায় । প্ৰশ্ন উঠিছে চৰকাৰী বিতৰণৰ চাউল সুলভ মূ্ল্য দোকানৰ পৰিৱৰ্তে কিদৰে এই সকল ক’লা ব্যৱসায়ীৰ হাতলৈ আহে ? প্ৰত্যক্ষভাৱে বৃহত্তৰ ধনতোলা অঞ্চলৰ সুলভ মূল্যৰ ব্যৱসায়ী জড়িত আছে নেকি এই কলা ব্যৱসায়ত ? বঙাইগাওঁ আৰক্ষীয়ে উচিত তদন্ত কৰি ক’লা ব্যৱসায়ৰ লগত জড়িত সকলক শাস্তি প্ৰদান কৰিবনে ?

সংবাদ দাতাঃ হিমাংশু ।

Leave a Reply

Your email address will not be published. Required fields are marked *