0 00 1 min 4 yrs 235

ৰাজ্যসভাত CAB গৃহীত হৈ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছত আইনলৈ পৰিণত হোৱা আজি প্ৰায় এসপ্তাহেই হ’বৰ হ’ল । তথাপিও অন্ত হোৱা নাই প্ৰতিবাদী কাৰ্যসূচী তথা আন্দোলন । চলি আছে নিৰবিচ্ছিন্ন ভাবে । চৰকাৰে ভাবিছিল চাগে দুই তিনি দিনৰ পাছত আন্দোলন স্তব্ধ হৈ যাব । কিন্তু তেনেধৰণৰ একো হোৱা নাই বৰঞ্চ বাঢ়িছেহে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলন এতিয়া দিল্লী , মুম্বাই, হায়দৰাবাদ , চেন্নাই, কলকাতা আদি ভাৰতৰ প্ৰায়বোৰ চহৰতে দেখিবলৈ পোৱা গৈছে । কেৱল ইমানেই নহয় । আৰ্ন্তৰাষ্ট্ৰীয় পৰ্যায়লৈকেও বিস্তাৰ হোৱা দেখিবলৈ পোৱা গৈছে এই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। আমেৰিকা, লণ্ডন, আয়াৰলেণ্ড আদি সকলোতে জাগি উঠিছে প্ৰবাসী অসমীয়া । দীপাঞ্জল দাসকে আদি কৰি এই পৰ্যন্ত ৬ জনকৈ লোক শ্বহীদ হ’ল এই আন্দোলনত । ইমানৰ পাছতো নীৰৱ দৰ্শক হৈয়ে নিজৰ দায়িত্ব সামৰিছে শাসনত থকা বিজেপি দলৰ চৰকাৰ খনে । কিন্তু কিমান দিনলৈ চলিব এই নিৰৱতা ? কিমান দিনলৈ আওকাণ কৰিব অসমীয়া ৰাইজৰ এই গণ আন্দোলন । আইনখন বাতিল নকৰালৈকে অৰ্থাৎ অনিৰ্দিষ্ট কাললৈ চলি থাকিব অসমীয়া ৰাইজৰ এই অহিংস গণতান্ত্ৰিক আন্দোলন ।

উল্লেখযোগ্য যে পিছ পৰি থকা নাই পশ্চিম বংগ, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা , নগালেণ্ড, কেৰেলা আদি ৰাজ্যসমূহো । সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী কাৰ্যসূচী তথা আন্দোলন চলাই আছে । 
আনহাতে আছুৰ নেতৃত্বত আজিৰপৰা আৰম্ভ হৈছে তিনিদিনীয়াকৈ সত্যাগ্ৰহ আন্দোলন ।

Leave a Reply

Your email address will not be published. Required fields are marked *