0 00 1 min 4 yrs 222

জোনাকঃ   প্ৰথমে আপোনাক জোনাক ই আলোচনীৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনালো। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ  বিষয়ে জানিব বিচাৰো 

শতাব্দী বৰাঃ প্ৰথমতে সমূহ জোনাকৰ পৰিয়াললৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালো । মোৰ পিতৃ তথা মাতৃৰ নাম অখিল বৰা আৰু কল্পনা সেন বৰা । মোৰ শৈশৱ বিশ্বনাথ জিলাত অন্য ল’ৰা ছোৱালীৰ দৰে খেলা-  ধূলাৰ    মাজেদি পাৰ হৈছিল।  মোৰ স্কুলীয়া শিক্ষা মাৰিগল্ড হাইস্কুলত পাৰ হয়। তাৰ পিছত বিশ্বনাথ কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰোঁ। তাৰ পিছতNEF লʼ কলেজৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰোঁ। মোৰ সংগীতৰ যাত্ৰা 2015 চনৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগত সচাকৈ কোৱা না গীতটোৰ যোগেদি আৰম্ভ হয়। ইয়াৰ উপৰিও অসমৰ কেইখনমান জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ক্ৰমে ৱান্দাৰ ৱৰ্ল্ড , খলনায়িকা , ৰত্নাকৰ, মিছন ছাইনা ইত্যাদিত গীত গোৱাৰ সুযোগ পাইছিলো । তাৰ পিছত ৰদালি নামি আহা ,জাকৈ সপোনতে আহি উৰনীয়া মন , ভাল পাওঁ বুলি কোৱা না ইত্যাদিত মই গীত পৰিবেশন কৰোঁ। মই চতুৰ্থ শ্ৰেণীৰ পৰাই গীত গোৱা আৰম্ভ কৰিছিলোঁ। এতিয়ালৈকে মুঠ মই 50টাতকৈও অধিক গীত গাইছো । মই অসমীয়া, হিন্দী, ইংৰাজী, বাংলা, কাৰ্বি, বড়ো, মিছিং,উৰিয়া, আদিবাসী, ভোজপুৰী, নেপালী,ৰাভা , পাঞ্জাবী আদি ভাষাত গীত গাইছো ।
জোনাকঃ  আপুনি কেতিয়াৰ পৰা সংগীত   জগতত প্ৰৱেশ কৰিছিল আৰু  কাৰ পৰা প্ৰেৰণা পাইছিল 
শতাব্দী বৰাঃ মই সংগীত চতুৰ্থ শ্ৰেণীৰ পৰাই গাইছো ।ষ্টেজ প্ৰগ্ৰেম কৰিছোঁ ষষ্ঠ শ্ৰেণীৰ পৰা। ষ্টুডিঅ’ত গীত গাইছো 2014চনৰ পৰা । তেনেদৰে এতিয়ালৈকে গায় আছোঁ। প্ৰেৰণা বুলি ক’লে প্ৰথমতে ঘৰখন, মোৰ শিক্ষা গুৰু ক্ৰমে ৰেখা মহন্ত আৰু দিগন্ত ভাৰতী, মোৰ বন্ধু বান্ধৱী সকল। যেতিয়া মই 2014 চনৰ পৰা ষ্টুডিঅ’ত গীত গাইছিলো , তেতিয়া জুবিন দাদাৰ পৰা বহুত বেছি প্ৰেৰণা  পাইছোঁ। 
জোনাকঃ এগৰাকী সফল গায়িকা হ’বলৈ হ’লে কি কি গুনৰ অধিকাৰী হ’ব লাগে বুলি আপুনি ভাবে 
শতাব্দী বৰাঃ এগৰাকী সফল গায়িকা হ’বলৈ হ’লে সংগীতক ভাল পাব লাগিব, জনা আৰু শিকাৰ যিটো ইচ্ছুকতা হ’ব লাগিব, নমনীয় হ’ব লাগিব, অহংকাৰ দূৰত ৰাখিব লাগিব, নিজৰ লগত প্ৰতিযোগিতা  কৰিব লাগিব। অনুশীলন আৰু একাগ্ৰতা এইকেইটা গুন থাকিলে এগৰাকী সফল গায়িকা হ’ব পাৰে বুলি মই ভাবোঁ।
জোনাকঃ বৰ্তমান আপুনি কিহক লৈ ব্যস্ত আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰো। 
শতাব্দী বৰাঃ বৰ্তমান মই মোৰ গীত ভাল পাও বুলি কোৱা না গীতটোৰ ভিডিঅʼৰ  কামত ব্যস্ত। যাতে মই ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাইজক উপহাৰ দিব পাৰোঁ। এতিয়া বৰ্তমান বিহুৰ কাৰণেই অলপমান প্ৰস্তুতি চলায় আছোঁ। বেলেগ বেলেগ ধৰণৰ থলুৱা কিছুমান লোক সংগীতৰ চৰ্চা কৰি আছোঁ। ভৱিষ্যত পৰিকল্পনা একো কৰা নাই কিন্তু সপোন বহুতো আছে । কেতিয়াবা এ. আৰ. ৰহমানৰ সংগীতত গান গোৱাৰ সপোন এটা আছে। সৰুৰে পৰা মই সপোন দেখিছোঁ আৰু সপোনবোৰ মোৰ ফলৱতী হৈছে। কিন্তু এইটো সপোন কেতিয়া ফলৱতী হয় মই নাজানো।
জোনাকঃ আপুনি কন্ঠদান কৰা ভাল পাওঁ বুলি কোৱা না  গীতটো অসমীয়া নৱ প্ৰজন্মৰ মাজত অধিক  জনপ্ৰিয় হৈছে। এই গীতটো  ইমান জনপ্ৰিয় হোৱাৰ আৰৰ ৰহস্য আপুনি কি বুলি ভাবে 
শতাব্দী বৰাঃ ভাল পাওঁ বুলি কোৱা না জনপ্ৰিয় হৈছে একমাত্ৰ ৰাইজৰ কাৰণে। ৰাইজে আদৰি ললে গীত সদায় জনপ্ৰিয় হয়। এই গীতটো  ইমানজনপ্ৰিয় হোৱাৰ আৰৰ ৰহস্য বুলি ক’লে গীতটিৰ যিবোৰ শব্দৰ গাঠনি সেইখিনি নতুন প্ৰজন্ম অথবা প্ৰেমিক যুগল সকলক বেছি আকৰ্ষণ কৰিছে। তাৰোপৰি সুৰটো খুব ধুনীয়া। নতুন প্ৰজন্মই আদৰি লৈছে কাৰনে গীতটো ইমান জনপ্ৰিয় হৈছে বুলি মই ভাবোঁ।
জোনাকঃ আপোনাৰ প্ৰিয় গ্ৰন্থ আৰু প্ৰিয় সাহিত্যক বুলি ক’লে কাৰ নাম এই মূহুৰ্তত মনলৈ আহিব 
শতাব্দী বৰাঃ মোৰ প্ৰিয় গ্ৰন্থ অসীমত যাৰ হেৰাল সীমা আৰু প্ৰিয় সাহিত্যক মামনি ৰয়ছম গোস্বামী।
জোনাকঃ আপুনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ লগত গীত গাইছে। নীল দাদাৰ লগত গীত গোৱাৰ কিছু অনুভৱ আমি জানিব বিচাৰিছোঁ 
শতাব্দী বৰাঃ প্ৰথম কথাটো হ’ল নীলৰ গায়িকী মই খুব ভাল পাওঁ। নীল মোৰ অতি প্ৰিয় কাৰণ তেওঁ বহুত ভদ্ৰ নীল আৰু মোৰ কিবা এটা সামাঞ্জঞ্চ আছে। যিটো আমি দুজনে গীত গালে সেইটো দেখিবলৈ পোৱা যায়। প্ৰথমতে নীলক মই কৈছিলো আমাৰ দুটাৰ কাৰণে এটা গান কৰিছোঁ। মই কৈছিলো যে গানটো বহুত ভাল হৈছে। নীলে কৈছিল নিজে নো ভাল লগা বুলি কয় নে? তেতিয়া মই কৈছিলো নিজে ভাল লাগিলেহে বেলেগে ভাল পাব প্ৰথম অৱস্থাত নীল বহুত ব্যস্ত আছিল।লন্দনত প্ৰগ্ৰেম কৰা আগতে মোক গায় দিম বুলি কৈছিল । কিন্তু সি গোৱা নাছিল। তেতিয়া মোৰ বেয়া লাগিছিল। মই গীতটো লিখোতে ই নীলৰ লগত গাম বুলি ভাবিছিলো। যেতিয়া সি গোৱা নাছিল মই ভাবিছিলো যে গীতটো বেলেগৰ লগত গাম। পিছত সিয়ে গাব লগা হৈছিল। দিগন্ত দাদাৰ ওচৰলৈ যেতিয়া মই গৈছিলো  দাদাক কলো দাদা গানটো কাৰ হতুৱাই গোৱাও । তেতিয়া ক’লে যে নীলেই গাওক । মোৰ নীলৰ ওপৰত খং উঠি আছিল। দিগন্ত দাদায় ফোন কৰোঁতে নীলে পিছদিনা আহি গায় গৈছিল। নীলে আৰু মই গোৱা সপোনতে আহি গানটো ৰাইজে আদৰি লৈছিল। তেতিয়াই মই ভাবিছিলো আমাৰ দুটাৰ কন্ঠত ৰাইজক আৰু এটি গীত উপহাৰ দিম । সেয়েহে নীলৰ লগত ভাল পাও বুলি কোৱা না গীতটো গালো ।নীলৰ লগত গীত গাই মোৰ খুব ভাল লাগিছে।
জোনাকঃ বৰ্তমান সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কে  অসমৰ পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছে। এজন শিল্পী হিচাবে  এই বিলখনৰ ওপৰত আপোনাৰ মতামত জানিব বিচাৰিছোঁ
শতাব্দী বৰাঃ নাগৰিকত্ব সংশোধনী আইনক আমি কেতিয়াও মানি ল’ব নোৱাৰো। প্ৰথম কথাত ই অ সংবিধানিক কাৰণ ইয়াত ধৰ্মক লৈ ৰাজনীতি কৰা হৈছে। মুছলমানসকলক পঠিয়াই দিব আৰু হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব। অসম চুক্তি নাইকিয়া হৈ যাব। য’ত 855জন মানুহ স্বহীদ হৈছিল। গতিকে এই বিলখনত ভালকৈ লিখা আছে যে 1971 চনৰ পিছত যিসকল আহিছে তেওঁলোকে নাগৰিকত্ব নাপায়। কিন্তু সেই কথাৰ এতিয়া কোনো মূল্য নাই।2014 চনলৈকে অহা সকলোকে নাগৰিকত্ব দিব  মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ।
জোনাকঃ আপোনাৰ‌ মতে প্ৰেম আৰু জীৱনৰ সঙ্গা কি
শতাব্দী বৰাঃ প্ৰেম নহ’লে জীৱন সম্পন্ন নহয়। সেইটো লাগিলে মাক দেউতাকৰ প্ৰেমেই হওক নাইবা প্ৰেমিক প্ৰেমিকাৰ প্ৰেমই হওক । প্ৰেমে কেতিয়াবা ক্ষতি কৰে। কেতিয়াবা জীৱনটোক আগুৱাই লৈ যায়। প্ৰেম এনেকুৱা কৈ কৰিব লাগে যাতে প্ৰেমে জীৱনত ক্ষতি নকৰে। যদি মই প্ৰেমিক প্ৰেমিকাৰ প্ৰেমৰ কথা কও প্ৰেম বুলি ক’লে বুজা বুজি , ধৈৰ্য, মৰম, ভালপোৱা থাকিব লাগে। প্ৰেম সকলোৱে কৰিব লাগে প্ৰেম বহুত মিঠা। প্ৰেম নহ’লে এই পৃথিৱীয়ে নহয়। জীৱন বুলি ক’লে সুখ আৰু দুখৰ এটা ঘৰ। জীৱন বুলি ক’লে এটা প্ৰচেষ্টা। মানুহৰ জীৱনলৈ কেতিয়াবা সুখ আহে আৰু কেতিয়াবা দুখ আহে। জীৱনতো সুখ আৰু দুখৰ এটা মিশ্ৰণ। এনেদৰেই মানুহৰ জীৱনটো চলি থাকে।
জোনাকঃ আপোনাৰ ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে  তাৰ        বাবে আমি কৃতজ্ঞ। অামাৰ  শেষ প্ৰশ্ন –  অামাৰ   জোনাক ই আলোচনী  খনৰ বিষয়ে আপোনাৰ মতামত জনাব।
শতাব্দী বৰাঃ জোনাক নামটো খুব ধুনীয়া। আজিকালি মানুহৰ আলোচনী এখন কিনি পেলায় পঢ়াৰ ইচ্ছুকতা কমি গৈছে। মানুহ যিহেতু ব্যস্ত, গুগুলতে টাইপ কৰিলে সকলো পোৱা যায় । তোমালোকে খুব এটা সুন্দৰ পদক্ষেপ লৈছা ভাল লাগিছে। জোনাক ই আলোচনী খন মানুহে আদৰি লওক তাকে কামনা কৰিলো। মোক যে তোমালোকে আদৰি ললা সেইকাৰণে সকলোকে ধন্যবাদ জনালো।

পবিত্ৰ বৰদলৈ , নিউজ এডিটৰ

Leave a Reply

Your email address will not be published. Required fields are marked *