জোনাকঃ প্ৰথমে আপোনাক জোনাক ই আলোচনীৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনালোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ বিষয়ে জানিব বিচাৰো।
মৌচম গগৈঃ পোন প্ৰথমেই জোনাক ই আলোচনীৰ সমূহ কৰ্মকৰ্তালৈ মই মোৰ ফালৰ পৰা আন্তৰিক মৰম আৰু
ধন্যবাদ জ্ঞাপন কৰিছোঁ।মোৰ শৈশৱ আৰু কৈশোৰ আৰম্ভ হৈছিল মোৰ ঘৰ জিলা ধেমাজিৰ চিলাপথাৰৰ জলকীয়া সুঁতি গাৱঁৰ পৰা । তাতে মই প্ৰাথমিক শিক্ষা গ্ৰহন কৰোঁ। মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা চিলাপথাৰ জনজাতি মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰহন কৰোঁ। তাৰ পিছত মই বিজ্ঞান শাখাত পঢ়িবৰ কাৰনে ধেমাজি কলেজত নামভৰ্তি কৰোঁ। তেনেকৈয়ে মোৰ শৈশৱ আৰু কৈশোৰ পাৰ হৈ গৈছিল। এটা গাৱলীয়া পৰিৱেশত তাৰ বতাহ পানী বায়ু সকলোবোৰত মই সংগীত বিচাৰি পাইছিলোঁ।তেনেকয়ে মই সংগীতৰ লগত সৰুৰে পৰাই জড়িত হৈ পৰিছিলোঁ ।
জোনাকঃ আপুনি কেতিয়াৰ পৰা সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল?
মৌচম গগৈঃ সৰুৰে পৰাই মোৰ সাংগীতিক মন এটা আছিল । আমাৰ ঘৰত ৰেডিঅ’ এটা আছিল। ৰেডিঅ’ত ডিব্ৰুগড় আকাশবাণীৰ যিমানবোৰ সংগীতানুষ্ঠানেই হওক ,নাটকেই হওক সখলোবিলাক শুনি খুব আপ্লুত হৈছিলোঁ । দেউতাই তাৰ পিছত এটা টেপ কিনিছিল যʼত আগতে কেছেট বাজিছিল।সেই টেপটোত ৰেকৰডিঙৰ ব্যৱস্থা আছিল। সন্ধিয়া মই ,ভাইটি,দেউতা সদায় প্ৰাৰ্থনা কৰিছিলোঁ।এদিন দেউতাই সেই প্ৰাৰ্থনাটো ৰেকৰ্ডিঙ কৰিছিল। সেই প্ৰাৰ্থনাটোৰ ৰেকৰ্ডিঙ মই শুনিছিলোঁ । তেতিয়া মই গম পালোঁ যে মই সুৰত গাইছোঁ।তেতিয়া মই অনুভৱ কৰিলোঁ যে সংগীত যিহেতু মোৰ প্ৰিয় গতিকে মই অলপ চেষ্টা কৰিলে হয়তো গাবও পাৰিম।তাৰ পিছত মই লিখা-মেলাৰ প্ৰতি আগ্ৰহী হলোঁ ।মই সপ্তম শ্ৰেণীত প্ৰথম গীত লিখিবলৈ চেষ্টা কৰিছিলো।যিটো গীত ১৯৯৯ চন মানত বাণীবদ্ধ ৱো কৰিছিলোঁ।সেই গীতটো ৰেকৰ্ডিঙৰ বাবে মই লক্ষীমপুৰলৈ আহিছিলো। সেই ষ্টুডিঅ’ত আহিয়েই মোৰ ৰজ্ঞিত গগৈৰ লগত পৰিচয় হৈছিল। তেওঁৰ যোগেদিয়েই ম ই গুৱাহাটীলৈ আহিলো ২০০০ চনত। ৰজ্ঞিত গগৈয়ে মই লিখা কিছু গীত পছন্দ কৰিছিল আৰু সেইবোৰ ৰেকৰ্ডিঙো কৰিছিল। তাৰে কিছু গীত জুবিন দাইয়ো গাইছিল।তেনেকয়ে মোৰ সংগীত জগতত প্ৰৱেশ হৈছিল।প্ৰেৰণা বুলি কʼলে মোৰ দেউতা, জুবিন দা,কিশোৰ কুমাৰ, ভূপেন হাজৰিকাৰ কথাবোৰ প্ৰেৰনা হিচাপে লৈছিলোঁ আৰু তেনেকয়ে আগবাঢ়ি গৈ আছোঁ।
জোনাকঃ এজন সফল কণ্ঠশিল্পী হ’বলৈ কি কি গুনৰ অধিকাৰী হ’ব লাগে বুলি আপুনি ভাবে ?
মৌচম গগৈঃ এজন সফল বা বিফল বুলি কʼবলৈ নাযাও এজন ভাল গায়ক হʼবলৈ হʼলে নিজৰ মনৰ নিজৰ বিবেকৰ যিখিনি শুদ্ধ চিন্তা -চৰ্চা যিখিনি অধিক দৰকাৰ সেইখিনি সঠিকভাৱে মানুহৰ মনোগ্ৰাহী হোৱাকৈ লগতে সমাজৰ কোনো ক্ষতি নোহোৱাকৈ যদি এটা চৰ্চা কৰা হয় তেতিয়া এজন ভাল গায়ক হʼব পাৰি বুলি মই ভাবোঁ।
জোনাকঃ বৰ্তমান আপুনি কিহক লৈ ব্যস্ত আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰোঁ ?
মৌচম গগৈঃ বৰ্তমান মই ব্যস্ত দুটামান আধুনিক গীতত, যিকেইটা ইতিমধ্যে প্ৰস্তত হৈ ওলাইছে।সাম্পতিক পৰিস্থিতিক লৈ এটি বিহুসুৰীয়া গীত নিৰবেন গোস্বামীয়ে লিখা মই কণ্ঠদান কৰিছোঁ । “লাচিত শৰাইঘাটৰ ৰণ” নামৰ এটি গীত সোনকালে ৰাইজৰ মাজলৈ আহিব।ভবিষ্যত পৰিকল্পনা বুলি কʼবলৈ গʼলে ৰাইজে ভাল পোৱা গীত মই সদায় চৰ্চা কৰি যাম আৰু মানুহৰ বাবে গীত গাবলৈ চেষ্টা কৰিম।
জোনাকঃ গীত ৰেকৰ্ডিঙ কৰাৰ সময়ত অাপুনি কোনকেইটা দিশৰ ওপৰত ওপৰত অধিক গুৰুত্ব দিয়ে?
মৌচম গগৈঃ গীত ৰেকৰ্ডিঙ কৰাৰ সময়ত মই সস্পূৰ্ণ ভাৱে গীতৰ অনুভৱ,গীতটোৰ আত্মাৰ লগত কথা-সুৰৰ সংমিশ্ৰন কৰিবলৈ চেষ্টা কৰোঁ।
জোনাকঃ আপোনাৰ জীৱনৰ এটি স্মৰণীয় ঘটনাৰ বিষয়ে জানিব বিচাৰোঁ ?
মৌচম গগৈঃ স্মৰণীয় ঘটনা বুলি কʼবলৈ গʼলে মই যেতিয়া হাইস্কুলত পঢ়ি আছিলো, যেতিয়া আঘোন মাহত ধান কাটি শেষ হয় তেতিয়া আমি গৰু চৰাবলৈ যাওঁ আৰু লেচেৰী ধান বুটলোঁ। সেই ধানবিলাক গুটায় আমি মাৰোৱাৰী গুদামত বিক্ৰী কৰিবলৈ যাওঁ । মই যিমানবোৰ গুটাইছিলো সেইবোৰ কম আছিল ।মোৰ বাবে সেই পইছা অতি গুৰুত্বপূৰ্ণ আছিল কাৰন মই গুৱাহাটী আহিব লাগে আৰু জুবিন গাৰ্গক লগ কৰিব লাগে। সেই সময়ছোৱাত মোৰ হাতত ইমান পইছা নাছিল। লেছেৰি বেছি পোৱা পইছা কম আছিল সেয়ে মই মৰনা মাৰি থোৱা ধানৰ পৰা অলপ চুৰ কৰি লেচেৰি ধানৰ লগত মিলাইছিলো ।তেতিয়া মোৰ ভাইটিয়ে দেখিছিল ।তাক বহুত বুজাইছিলো যে মই গুৱাহাটী যাব লাগে ।তোৰ কাৰনে এখন গীটাৰ লৈ আহিম তই বজাবি আৰু মই গাম। যিহেতু এতিয়া পুহ
মাহ সোমাল আৰু সেই সময়ৰ ঘটনা আছিল। সেয়ে এইটো মোৰ জীৱনৰ এটা স্মৰনীয় ঘটনা আছিল।
জোনাকঃ আপোনাৰ প্ৰিয় ঠাই, প্ৰিয় শব্দ, প্ৰিয় খাদ্য, প্ৰিয় ব্যক্তি এই বিষয়ে অলপ জানাবনে মৌচমদা ।
মৌচম গগৈঃ প্ৰিয় ঠাই – মোৰ জন্ম ঠাই
প্ৰিয় শব্দ-মা
প্ৰিয় খাদ্য-মাছৰ টেঙা জোল
প্ৰিয় ব্যত্তি- মা আৰু দেউতা।
জোনাকঃ যদি আপোনাক এদিনৰ কাৰনে প্ৰধান মন্ত্ৰীৰ দায়িত্ব দিয়া হয় আপুনি কোনটো সমস্যা সমাধানৰ বাবে পদক্ষেপ ল’ব?
মৌচম গগৈঃ মই প্ৰথমতে দুৰ্নীতি দূৰ কৰিবলৈ চেষ্টা কৰিম । দুখীয়া লোকৰ বাবে যি আঁচনি তৈয়াৰ কৰা হয় সেই আঁচনিবোৰ যাতে তেওঁলোকে লাভ কৰে তাৰ ওপৰত গুৰুত্ব দিম।
জোনাকঃ গীত ৰেকৰ্ডিঙ কৰা প্ৰথম দিনটোৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ।
মৌচম গগৈঃ দশম শ্ৰেণীত পঢ়ি থাকোঁতে আমি গাৱঁৰ কেইজনমান লʼৰাই মিলি ডিব্ৰুগড়ৰ কুইবাচ নামৰএটা ষ্টুডিঅʼত টোকাৰী গীতৰ এলবাম কৰিবলৈ গৈছিলো।তাতে আমি ভবেশ গোস্বামী ছাৰ, ৰাজেন গোহাই ছাৰক লগ পাইছিলো।খুব ভয় খাইছিলো ,জীৱনত কেতিয়াও ৰেকৰ্ডিঙ দেখা নাই। সেই দিনটোৰ কথা আজিও মনত পৰে।এনেদৰে জীৱনৰ প্ৰথম অভিজ্ঞতা হৈছিল।
জোনাকঃ আপোনাৰ মতে প্ৰেম আৰু জীৱনৰ সঙ্গা কি?
মৌচম গগৈঃ জীৱনটোৱেই প্ৰেম। যদি আমি জীৱনটোক ভাল নাপাওঁ তেতিয়া হʼলে প্ৰেম নহ’ব ।জীৱন আৰু প্ৰেম এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি মই ভাবোঁ ।জীৱনটো আমি তেতিয়া জীয়াওঁ যেতিয়া আমি ভালপাওঁ।জীৱনটো আমাৰ যেতিয়া ভাল লাগি থাকে সেয়াই এটা প্ৰেম।সেই প্ৰেমত কোনো ধৰনৰ বাহ্যিকতা নাথাকে জীৱনটোৱেই হʼল প্ৰেম আৰু প্ৰেমেই হʼল জীৱন।
জোনাকঃ সংগীতৰ বাহিৰেও আৰু কি কি কাম কৰি আপুনি ভাল পায়?
মৌচম গগৈঃ সংগীতৰ বাহিৰে ম ই বিভিন্ন ধৰনৰ ঠাই বিশেষকৈ পাহাৰীয়া ঠাই,চাপৰি, নৈ কাষৰীয়া ঠাই যʼত পাৰে-পাৰে শিমলু,সোণাৰু ফুলি থাকে। সেই ঠাইবোৰ ফুৰি ম ই বহুত বেছি ভাল পাওঁ। প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ ঠাইলৈ গৈ ম ই বেছি ভাল পাওঁ।খাদ্য তৈয়াৰ কৰি ভাল পাও, খুৱায় ভাল পাওঁ, খাই ভাল পাওঁ।
জোনাকঃ বৰ্তমান সময়ত নাগৰিকত্ব সংসোধনী বিধেয়কে অসমৰ পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছে। এজন শিল্পী হিচাবে আপুনি চৰকাৰক কি পৰামৰ্শ দিব?
মৌচম গগৈঃ ম ই এই বিলৰ তীব্ৰ বিৰোধিতা কৰোঁ।বৰ্ত্তমান সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক খন চৰকাৰে অসমৰ বুকুত জাপি দিলে।তেওঁলোকক এটা কথা কʼব বিচাৰিছোঁ অসমৰ জনগণ মূৰ্খ নহয়। তেওলোকৰ কৃষ্টি-সংস্কৃতি সকলো ধবংস হৈ যাব।সেয়েহে এই বিলখনৰ প্ৰতি সমগ্ৰ অসম আজি জাগ্ৰত। সময় থাকোতেই এই বিল বাতিল কৰক । নহʼবা অসমৰ পৰিস্থিতি অধিক ভয়াবহ হʼব।
জোনাকঃ আপোনাৰ ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। অামাৰ শেষ প্ৰশ্ন – জোনাক আলোচনী খনৰ বিষয়ে আপোনাৰ মতামত কি ?
মৌচম গগৈঃ জোনাক আলোচনী খনৰ যোগেদি নৱ প্ৰজন্নৰ মাজত লুকায় থকা প্ৰতিভা সমূহ অসমবাসীৰ মাজলৈ উলিয়াই অনাৰ বাবে এটি সুন্দৰ প্ৰয়াস কৰিছে।লগতে সমাজৰ ভাল খবৰবোৰ পাঠক সমাজক বিলায় দি এক নতুনত্ব প্ৰদান কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। সদৌ শেষত আলোচনীখনৰ সৰ্বাংগীন উন্নতি কামনা কৰিলোঁ।
সাক্ষাৎগ্ৰহনঃ পবিত্ৰ বৰদলৈ