0 00 1 min 4 yrs 217
   

জোনাকঃ–  প্ৰথমে আপোনাক জোনাক ই আলোচনীৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনালো। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ  বিষয়ে জানিব বিছাৰোঁ।

  বৰণ বিকাশঃ  ধন্যবাদ, জোনাক আলোচনীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ মৰম শুভেচ্ছা জ্ঞাপন কৰিলো।
মোৰ শৈশৱ বুলি কবলৈ গলে মোৰ নগাঁও ত জন্ম,মোৰ মাৰ নাম অজন্তা দাস,মোৰ দেউতাৰ নাম  পোনা দাস।মোৰ ঘৰ পানীগাঁও চাৰিআলি, বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকো।মোৰ ঘৰত মতা নাম কাজু,মোৰ ঘৰত মোৰ বাইদেউ আৰু দাদা আছে। 
    জোনাকঃ  আপুনি কেতিয়াৰ পৰা সংগীত   জগতত প্ৰৱেশ কৰিছিল আৰু  কাৰ পৰা প্ৰেৰণা পাইছিল? 
বৰণ বিকাশঃ আচলতে মোৰ ঘৰখনেই সংগীতৰ লগত জড়িত আছিল,মোৰ মায়ে গান গাইছিল,সেই কাৰণে মইয়ো চাগে গানৰ জগতৰ লগত জড়িত হৈ পৰিলোঁ।আচলতে মই সপ্তম মান শ্ৰেণীতেই ঢোল বজাবলৈ শিকিছিলোঁ, তাৰ পিছত ড্ৰাম বজালো, আৰু গান সুৰ লিখিবলৈ ললো।2005 পৰা সংগীতৰ জগতত ভৰি দিলো।মই সংগীতত প্ৰথম প্ৰেৰনা পাইছিলোঁ মোৰ মাৰ পৰা তাৰ পিছত মোক এই সংগীত জগতত সহায় কৰিছিল দিগন্ত শৰ্মা, আৰু ককাই বাবু দাই। 
জোনাকঃ এজন সফল গাযক  হবলৈ কি কি গুনৰ  অ ধি কা ৰী হব  লাগে?
  ‌বৰুণ বিকাশঃ আজিলৈকে মই কব পৰা হোৱা নাই যে সফল গায়ক হবলৈ কি কি দৰকাৰ ,মোৰ মতে প্ৰথমে এজন ভাল শ্ৰোতা  হব লাগিব,নিজৰ তো শুনিলে নিজেই ভাল নহবও পাৰে,সেয়েহে সকলোৰে  গান শুনিব লাগে,শিকিব লাগে,উচ্চাৰণ ভাল হব লাগে,বহুত দৰকাৰ মই কব পৰা হোৱা নাই,এতিয়াও শিকি আছো।
জোনাকঃ বৰ্তমান আপুনি কিহক লৈ ব্যস্ত আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰো।
  বৰণ বিকাশঃ  বত্তমান ম ই সংগীতক লৈয়ে ব্যস্ত,ভৱিষ্যত পৰিকল্পনা  বুলি কবলৈ গলে মোৰ দুটা এটা গান কৰি আছো এটা  অডিও এটা ভিডিঅ,আৰু এখন নতুন চিনেমাৰ গানত  ব্যস্ত লগতে আৰু নতুন এটা ব্যতিক্ৰমী গীত  শুনিবলৈ পাব।
  জোনাক: গীত ৰেকৰডিঙ কৰাৰ  সময়ত  অাপুনি  কোনকেইটা দিশৰ ওপৰত ওপৰত অধিক গুৰুত্ব দিয়ে?
  বৰণ বিকাশ ঃ ৰেকৰ্ডিং কৰাৰ  সময়ত ম ই  প্ৰথম গানৰ উচ্চাৰণ, সুৰ আৰু আৱেগ এই কেইটাৰ ওপৰত সদায় গুৰুত্ব  দিও।এয়া কেৱল মোৰ কিঞ্চিত  অভিজ্ঞতাৰ মাজেৰেহে  কৈছো। 
 জোনাকঃ আপোনাৰ জীৱনৰ এটি ষ্মৰণীয় ঘটনাৰ বিষয়ে জানিব বিচাৰো?
  বৰণ বিকাশঃ স্মৰণীয় ঘটনা বহুতেই আছে,তাৰ ভিতৰত প্ৰথমে যেতিয়া আকৌ হিয়ামন এলবামত  জুবিন দাৰ কাৰণে দুটা গান লিখি সুৰ কৰিছিলো। 
   জোনাকঃ আপোনাৰ প্ৰিয় ঠাই, প্ৰিয় শব্দ, প্ৰিয় খাদ্য, প্ৰিয়  ব্যক্তি     এই  বিষয়ে  অলপ জানিব বিচাৰো। 
  বৰণ বিকাশঃ মোৰ প্ৰিয় ঠাই- অসম
প্রিয় শব্দ মা
 প্ৰিয় খাদ্য-অসমীয়া যিকোনো থলুৱা খাদ্য
 প্ৰিয় ব্যত্তি-মা,দেউতা 
   জোনাকঃ যদি আপোনাক এদিনৰ কাৰনে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া       হয় আপুনি  কোনটো  সমস্যা সমাধানৰ বাবে পদক্ষেপ লব?
বৰণ বিকাশঃ মই চৰকাৰক পৰামৰ্শ দিব পৰা হোৱা নাই কিন্ত অসমীয়া ভাষাটোৰ বাবে কাম কৰিম। এই ভাষাই যাতে ময্যদা পাই তাকে বিচাৰো‌।  আমি অসমীয়া নহওঁ দুখীয়া ।
জোনাকঃ গীত ৰেকৰডিঙ কৰা প্ৰথম দিনটোৰ বিষয়ে কিছু কথা জানিব বিচাৰো?
  বৰণ বিকাশঃ প্ৰথম ৰেকর্ডিংৰ দিনা বহুত ভয় লাগিছিল,কিবা হয়, তাকো ষ্টুডিও ডিজি আই মিউজিকত  জুবিন দাই সেইটো মাইক্ৰ্ ফোনতেই গাই ,ভাল লাগিছিল সেই দিনবোৰ।
জোনাকঃ আপোনাৰ‌ মতে প্ৰেম আৰু জীৱনৰ সঙ্গা কি?
 বৰণ বিকাশঃ মোৰ কাৰণে প্ৰেম এটি অনুভূটি,যিয়ে আমাক জীয়াই থাকিবলৈ সাহস দিয়ে।জীৱনৰ সংজ্ঞা বুলি কবলৈ গলে মানৱ জীৱন বহুত কষ্টৰ মূৰত পাই,সেইকাৰণে এই জীৱনটোত খুব ধুনীয়াকৈ চলিব লাগে,আনক পাৰিলে সহায় কৰিব লাগে,সমাজৰ হকে কাম কৰিব লাগে,নিজৰ ডাঙৰক সন্মান কৰিব লাগে,সকলোৰে লগত মিলি থকাতকৈ আৰু কিনো লাগে। 
  জোনাকঃ সংগীতৰ বাহিৰেও আৰু কি কি কাম কৰি আপুনি ভাল পায়?
 বৰণ বিকাশ ঃ সংগীতৰ বাহিৰে মই ঘূৰি ভাল পাওঁ,গীটাৰ বজাই ভাল পাওঁ,চিনেমা চাই ভাল পাওঁ কিন্তু ভাল চিনেমা,খোৱা বস্তু বনাই ভাল পাওঁ ।
  জোনাকঃ আপোনাৰ ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে  তাৰ        বাবে আমি কৃতজ্ঞ। অামাৰ  শেষ প্ৰশ্ন –  আমাৰ   জোনাক ই আলোচনী  খনৰ বিষয়ে আপোনাৰ মতামত জনাব।
 বৰণ বিকাশঃ ধন্যবাদ,জোনাকী আলোচনীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আৰু সদায় যেন ৰাইজৰ লগত থাকি ৰাইজৰ হকে কাম কৰে তাৰেই অনুৰোধ আৰু দীৰ্ঘায়ু কামনা কৰিলো। 
   সাক্ষাৎগ্ৰহনঃ শ্ৰী পবিত্ৰ বৰদলৈ
যোগাযোগ : 8790245359

Leave a Reply

Your email address will not be published. Required fields are marked *