0 00 1 min 4 yrs 218

অসমৰ শিল্পী সমাজৰ প্ৰতি একক কালীন সাহায্য ঘোষণা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কয় যে –

“অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী লোক-সংস্কৃতি আৰু ভ্ৰাম্যমাণ থিয়েটাৰে আমাৰ কৃষ্টি-সংস্কৃতিৰ পথাৰখন সমৃদ্ধ কৰি আহিছে। এই লোক-সংস্কৃতিক চহকী কৰা ৰাজ্যৰ ১,০০০ শিল্পী আৰু ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ ১,০০০ কলা-কুশলী মুঠ ২,০০০ গৰাকী ব্যক্তিক তেখেতসকলৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে এককালীন ৫০,০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এই কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ বাবে শীঘ্ৰে যাৱতীয় ব্যৱস্থা ল’বলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগক মই নিৰ্দেশ দিছোঁ। 
অসমৰ জাতি-জনগোষ্ঠীসমূহৰ চহকী কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰৰ বাবে আমাৰ চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ।”

Leave a Reply

Your email address will not be published. Required fields are marked *