0 00 1 min 3 yrs 237

অসম চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি হ’ল এক লাখ নিবনুৱাক চাকৰি প্ৰদান। ইয়াকে লৈ ইতিমধ্যে গঠন কৰা হৈছে এখনি উচ্চস্তৰীয় বাছনি সমিতি। কিন্তু এই সমূহৰ মাজত নিযুক্তিক লৈ শংকিত হৈছে কেন্দ্ৰীয় টেট সমিতি। কেন্দ্ৰীয় টেট সমিতি গোলাঘাট জিলাৰ বিষয় ববীয়াই এইবাৰ শিক্ষা বিভাগত হ’বলগীয়া নিযুক্তিত কেন্দ্ৰীয় টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক অগ্ৰাধিকাৰ নিদিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে। গোলাঘাট সাংবাদিক সন্থা কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত কেন্দ্ৰীয় টেট সমিতিৰ বিষয়ববীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰযোৰ কৰি কেন্দ্ৰীয় টেটত উত্তীৰ্ণ হোৱা সকলক নিযুক্তি প্ৰক্ৰিয়াত সুবিধা দিবলৈ অনুৰোধ জনাই। সংবাদ মেল সম্বোধন কৰা বিষয়ববীয়াই অসমৰ শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে কেন্দ্ৰীয় টেটত উত্তীৰ্ণ হোৱা সকলক অগ্ৰাধিকাৰ নিদিয়া বিষয়টো পুনৰ বাৰ বিবেচনা কৰি নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ সুবিধা প্ৰদানৰ অনুৰোধ জনাই। উল্লেখযোগ্য যে, অসমত দ্বিতীয় বাৰৰ বাবে গঠন হোৱা বিজেপি চৰকাৰৰ মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল এক লাখ নিবনুৱাক চাকৰি প্ৰদান। এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ইতিমধ্যে অজন্তা নেওগক লৈ এখন বাছনি সমিতি গঠন কৰা হৈছে। বিশেষকৈ শিক্ষা বিভাগত বেছি সংখ্যক নিযুক্তি লাভ কৰিব। নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নহওতেই কেন্দ্ৰীয় টেটত উত্তীৰ্ণ হোৱা সকলৰ শংকিত হোৱা বিষয়টো নতুনকৈ দায়িত্ব ভাৰ গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে নিৰ্মূল কৰিব সেইয়াই হ’ব লক্ষ্যণীয়।
বিউৰ’ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *