0 00 4 yrs 227
অসম গণপৰিষদ দলে অসমৰ বিভিন্ন জাতি উপজাতিৰ কল্যানৰ বাবে বিভিন্ন কোষ গঠন কৰি দলৰ পৰিসৰ মজবুত কৰাৰ যি পৰিকল্পনা সেয়া সতেজ হৈ থকা পৰিলক্ষিত হৈছে।সোমবাৰে বোকাখাত পুৱতি সভা ভৱনত অসম গণ পৰিষদৰ চাহ কোষৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সভা অনুস্থিত হয় ৷
উক্ত  অনুষ্ঠানটোৰ আঁতধৰে যোগেশ ৰবি দাসে ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰীতম তাঁতিয়ে ৷ সভাখনৰ সভাপতিত্ব কৰে ৰাফেল কুজ্জুৰে লগতে সভাত উপস্থিত থাকে বোকাখাত জিলা সমিতিৰ সভাপতি জগত কলিতা ৷ সভাত চাহ বাগিচাত বিভিন্ন উন্নয়নমূলক আঁচনি কি দৰে ৰূপায়ণ কৰিব পাৰি তাৰ বিষদ আলোচনা কৰাৰ লগতে 
চলিত মাহৰ ৮ ডিচেম্বৰ তাৰিখে কলিয়াবৰত অসম গণ পৰিষদৰ চাহ কোষ কেন্দ্ৰীয়  সাধাৰণ সভা অনুস্থিত কৰা সিদ্ধান্ত লোৱা হয় ৷ উক্ত সভাৰ আহ্বায়ক ভাস্কৰ কালিন্দীক সৰ্ব সন্মতি মৰ্মে  অ.গ.প.ৰ চাহ কোষৰ সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰে।শেষত   শলাগৰ শৰাইৰে অনুষ্ঠানটি সামৰণি মাৰে ভাস্কৰ কালীন্দিয়ে।
পপী শইকীয়া 
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *