✍ডেভিদ কংকণ
……………………………………………………
আইৰ নামৰ পাছত দেউতাৰ বংশগত উপাধি
আইৰ বহল কপালখনত দেউতাৰ নামৰ চিনাকি!
আইয়ে হাঁহিমুখে গ্ৰহণ কৰিছে চিনাকি!
মূল্য দিছে সেই ৰঙা ৰঙৰ সেন্দুৰকণক!
কপালক খুব ধুনীয়াকৈ টিকটিকিয়া ৰঙা সেন্দুৰকণ নোলোৱাকৈ.
আইক কোনোদিন উলাই যোৱা দেখা নাই!
আইয়ে কোনোদিন বিচৰা নাই কামৰ মজুৰি!
পৃথিৱীৰ সকলো আইয়েই নিবিচাৰে কামৰ মজুৰি
তেওঁলোকৰ কামৰ মূল্য পিতাইৰ নামৰ সেন্দুৰকণ!
আইয়ে মাঁথো সহিবলৈ শিকে
কেতিয়াবা আইক ভোকত শুই থকা দেখোঁ!
সকলোলৈ মিলাওতে নিজলৈয়ে নিমিলে!
তাৰপাছত লাহে লাহে আমাৰ উৎপাত!
আই চাহ লাগে,আই জলপান লাগে,
আই ভাত লাগে!
আই অমুকটো লেতেৰা হ’ল ধুই দিয়ক!
আই তমুকটো ফাটিলে চিলাই দিয়ক!
আই বিচনা পাৰি দিয়ক!
ইত্যাদি ইত্যাদি!
অাইয়ে মাথোঁ কৰি যায়!
তাৰপাছতো আমিবোৰে ভাতৰ পাতত বহি কওঁ
নিমখ বেছি হ’ল!
আমাৰ আইয়ে একো নাজানে সেয়ে লাজ পাওঁ!
আচলতে আমাক শিকিবলৈ সুবিধা দি দি
আইৰ নিজৰে একো শিকা ন’হল!
ঘৰখনতে পাকঘৰৰ পৰা আজৰি নোপোৱা আইয়ে
কিবা নতুনকৈ শিকিবলৈ সময় পায় ক’ৰ পৰা!!!
তথাপিও…
আইৰ সুখ এটাই!
পিতাইৰ নামৰ সেন্দুৰকণ!….