আই নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলং।
যাতায়ত ব্যাহত।টুলুঙা নাৱৰে বিপদ সংকুল যাতায়ত।
বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ ওপৰত থকা দীঘলীয়া বাহৰ দলং খন বাঢ়নি পানীয়ে আজি উটুৱাই লৈ যায়।
৪০ কোটি ৪৪লাখ টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা ৪৪০ মিটাৰ দৈৰ্ঘ্যৰ পকী দলংখন আধৰুৱা
হৈ থকাত নদী পাৰ হবলৈ বিকল্প পথ হিচাপে এক মাত্ৰ ভৰসা আছিল প্ৰায় ৫০০ ফুট দীঘলীয়া এই বাহৰ দলংখন।
অভয়াপুৰী, সৃজনগ্ৰাম বৰঘোলা কীৰ্তন পাৰা সংযোগী অতি গুৰুত্বপূৰ্ণ দলংখন উটুৱাই নিয়াত প্ৰায় ৫০ খন গাৱৰ হাজাৰ হাজাৰ লোকৰ যাতায়ত বন্ধ হৈ পৰিছে।
তুলুঙা নাৱৰে বিপদ সংকুল ভাবে পাৰাপাৰ কৰিবলৈ স্থানীয় ৰাইজে চেষ্টা কৰি আছে যদিও এইক্ষেত্ৰত জল পৰিবহন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
আই নদীৰ বাঢ়নী পানীৰ সোঁতত যিকোনো সময়ত ভয়ংকৰ দূৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।
সেয়ে জল পৰিবহন বিভাগে অনতিপলমে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।
মন্তব্যঃ স্থানীয় ৰাইজ।