0 00 1 min 4 yrs 242

কামবোৰ কৰি হৈছিলহে মাত্ৰ,তেনেতে অস্মিতাৰ ফোন আহিল..! তাই ফোন কৰোঁতেহে মোৰ মনত পৰিল আজি যে ভেলেন্টাইন ডে’..! তাই জানেই সকলোৰে বাবে বিশেষ এই দিনটোক মই বেয়া প‍াওঁ..! ফেব্ৰুৱাৰি মাহৰ এইসপ্তাহটোকেই মই ঘৃণ কৰোঁ..! তথাপি মাকবিহীন অস্মিতাক নিৰাশ কৰাটো উচিত নহ’ব বুলিয়েই মই তাইক কথাবোৰ বুজাই ক’লো..! যোৱা দুইবছৰৰ দৰেই এইবাৰ মই তাইক ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাব নিদিলো;বৰঞ্চ  অৰুনাভৰ সৈতে মন্দিৰৰ পৰা বাহিৰে বাহিৰে অৰুনাভৰ প্ৰিয় ঠাই “কস্ত্তৰী ৰিজৰ্ট”ৰ ফালেহে যাবলৈ দিলো। অস্মিতা  প্ৰায়েই আচৰিত হৈ উঠে যে অৰুনাভৰ কথা ইমানবোৰ কেনেকৈ জানো বুলি;অৱশ্যে তাই অৰুনাভ মোৰ পুৰণি বন্ধু বুলি জানে ..!

            আচলতে অৰুনাভ আৰু মই কৃষ্ণচূড়াৰ দেশত একেলগে পঢ়া..! কৃষ্ণচূড়া ফুলাৰ দিনত মই তাৰ লগত বহি তাৰ বাঁহীৰ সুৰবোৰত নিজকে সঁপি দিছিলো..! আমি দুয়োটাই কোনেও কাৰোৰে পৰা কথাবোৰ লুকুৱাই ৰখা নাছিলো..! অৰুনাভক ইউভাৰ্চিটিত সকলোৱে কৃষ্ণ বুলি কৈছিল আৰু তাৰেই আঁত ধৰি কোনো কোনোৱে মোক ৰাধা। নজনাকৈয়ে মই অৰুনাভৰ প্ৰেমত পৰিছিলো আৰু আজিৰ পৰা প্ৰায় ৬/৭বছৰ আগতে এই দিনটোতেই অৰুনাভে মোক ভালপোৱাৰ  প্ৰস্তাব দিছিল..! তাৰপাছত জাহাজ ঘাটে,কৃষ্ণচূড়াই,নীলাচল,বৈশিষ্ঠ আৰু উম‍ানন্দই আমাৰ ক’ত যে কথা সামৰিছিল তাৰ ঠিকনা নাই। আমাৰ সম্পৰ্কৰ একবছৰ সম্পূৰ্ণ হোৱাৰ দিনা মানে ২০১৪ৰ ভেলেন্টাইন ডে’ৰ দিনটোৰ পানীপুৰি,বাদাম আৰু বৰষাত তিতি-বুৰি জুৰুলা হোৱা সেই আবেলিটো আজিও মোৰ মনত আছে।পাহৰিমেইনো কিয়;সেইটোৱেইটো আমাৰ ভালপোৱাৰ শেষ আবেলি আছিল..! সেইদিনা মই দেখিছিলো উমা নামৰ ছোৱালীজনিক..! তাই দৌৰি আহি অৰুণাভক সাৱটি ধৰিছিল আৰু কৈছিল “সুৱাস  প্লিজ মোক এৰি নাযাবা;মই তোমাক বহুত ভালপাওঁ। তুমি কিয় মোৰ লগত এনেকুৱা কৰিছা..!” সেই আবেলিটোৰ বৰষাজাকৰ লগত অহা ব্ৰজপাত যেন মোৰ বুকুতহে পৰিছিল..! অৰুণাভৰ নাম সুৱাস আৰু সি আন কাৰোবাক প্ৰতাৰণা কৰা বুলি জানিব পাৰি মই ভাগি পৰিছিলো। লাহে লাহে অৰুণাভৰ হাতৰ মুঠিৰ পৰা মই হাতখন আঁতৰাই আনিছিলো; অৰুণাভে কিন্তু মোক খামুচ মাৰি ধৰিছিল। মই তাৰফালে নোচোৱাকৈয়ে ইউভাৰ্চিটিৰ ফালে খোজ লৈছিলো..!সেইদিনাই তাৰ নম্বৰ দিলিট কৰিছিলো,মোৰ ফোন নম্বৰ সলাই পেলাইছিলো আৰু তাৰপৰা নিজকে আঁতৰাই ৰাখিছিলো..! সি মোক বহুত বাৰ লগ কৰাৰ চেষ্টা কৰিছিল;কিন্তু মই তাৰপৰা আঁতৰি আহিছিলো.! তেনেদৰেই আমাৰ কৃষ্ণচূড়াৰ দেশৰ যাত্ৰা শেষ হৈছিল..! তাৰপাছত বহুদিন অৰুণাভৰ সৈতে মোৰ কোনো যোগাযোগ নাছিল..! কিন্তু প্ৰায় ৩বছৰ পাছত মোৰ মবাইলত তাৰ ফোন আহিছিল..! সি কৈছিল সেই আবেলিৰ উমা নামৰ ছোৱালীজনীৰ কথা..! তাই অৰুণাভৰ পেহীয়েকৰ ছোৱালী আছিল..!মানসিক ৰোগত ভুগি সকলোৰে মাজত তাইৰ মৃত প্ৰেমিক সুৱাসক দেখিছিল..! সেইখিনি মোক ক’বলৈ অৰুণাভে  হেনো বহুত চেষ্টা কৰিছিল;কিন্তু মই অৰুণাভক আঁতৰাই পঠাইছিলো..! মোৰ ভুল হয়তু তাতেই আছিল..!মই এবাৰ হ’লেও মই অৰুণাভক লগ কৰিব লাগিছিল..! অৰুণাভৰ ফোন অহাৰ দিনালৈ বহু দেৰি হৈছিল;মাঁ-দেউতাৰ ইচ্ছা অনুসৰি মই পিতৃ-মাতৃবিহীন দেশৰ সেৱাত ব্ৰতী আৰ্মী চাকৰি কৰা মণিময়ৰ লগত ইতিমধ্যে বিবাহ পাশত আবদ্ধ হৈ পৰিছিলো..! অৰুণাভৰ ফোনটোৱে মোক আৰু অৰুণাভক পুনৰাই বহুত কন্দোৱাইছিল..! সেইদিনাৰ পৰা আমাৰ মাজত কোনোধৰণৰ যোগাযোগ হোৱা নাছিল..! দুয়োটাই নিজৰ নিজৰ ৰাস্তাত গতি কৰিছিলো..! 
                যোৱা বছৰ মানে ২০১৯ত ভেলেন্টাইন ডে’ পুনৰাই মোৰবাবে অভিশপ্ত হৈ আহিছিল..! কাশ্মীৰৰ পুলৱামাৰ আতংকত মই মণিময়ক হেৰুৱাইছিলো;পুনৰাই নিঃসঙ্গ হৈ পৰিছিলো মই..! মণিময়ৰ মৃত্যুৰ খবৰ লৈ মোৰ শৈশৱৰ বান্ধৱী অস্মিতা আহিছিল আৰু তাইৰ লগত আহিছিল অৰুণাভ। সেইদিনাহে মই বুজিব পাৰিছিলো ভেলেন্টাইন  ডে’ৰ আগদিনা অস্মিতা তাইৰ প্ৰেমিকৰ লগত ক’লৈ যাম বুলি মোক সোধা তাইৰ সেই প্ৰেমিকজন আচলতে কোন আছিল..!অৰুণাভো আচৰিত হৈছিল মোক দেখি..!আমাৰ কথা-বতৰাবোৰত অস্মিতাই বুজিছিল আমি দুয়ো ভাল বন্ধু..!
               অৰুণাভে মোক আজিও ভালপায় আৰু মইয়ো হয়তু..! কিন্তু মোৰ দৰেই সেই একেই কষ্ট  মই অস্মিতাক কাহানিও দিব নোৱাৰো;নহ’লে মই কাহানিও নিজক ক্ষমা কৰিব নোৱাৰিম..! অস্মিতাৰ যোগেদিয়েই মই অৰুণাভৰ খেয়াল ৰাখো..! তাৰ ভাল লগা,বেয়া লগা সকলো অস্মিতাক কওঁ…!সিঁহত দুয়োটাৰে কুশলতাৰ বাবে প্ৰাৰ্থনা কৰোঁ..!
“অহ্ অস্মিতাৰ ফোন দেখোন..!কি বা হ’ল আকৌ..! মোক নুসুধাকৈ একোৱেই নকৰে তাই;সেয়ে ভাল লাগে আঁকৰিজনীক..!মই হেনো তাইৰ বাবে মাকৰ দৰে..!”
: হেল্ল’ অস্মিতা ক’চোন..!
: মই এটা কথা ভাবিছো বৰষা..?
: কি কথানো..?
: আজি তইয়ো আমাৰ লগত ব’ল..! ভেলেন্টাইন ডে’ এনজয় কৰিম..!
: Asmita you know i hate Valentine Day…! প্লিজ অৰুণাভক ক’ আজিৰ দিনটো অকলে এৰি দিয়ে যেন;মোক আজিৰ দিনটো মণিময়ৰ লগত কটাব দে..!
: থিক আছে হ’ব দে…!
✍✍মধুস্মিতা হাজৰিকা

Leave a Reply

Your email address will not be published. Required fields are marked *