জীৱন যুঁজত হাৰি হাৰি জিকাৰ হাবিয়াস তাৰ
নিতে ঘূৰা সময় চেৰেকীত পাক খালে আকৌ এটা বসন্ত তাৰ
জীৱন মানেই যুদ্ধ
যুদ্ধ মানেই জয় পৰাজয়ৰ হিচাপ-নিকাচ
আৰু এই সমীকৰণৰ পিঠিত উঠি জীৱনৰ জয়গান গোৱাৰ হেঁপাহ হয়তো তাৰো আছে
জীৱনৰ নিমিলা অংক মিলাবলৈ আজিও সংগ্ৰামৰ সান্নিধ্যত সি জী আছে
দৈন্যতাৰ হেঁচাই মন মগজুক
লক্ষ্যপ্ৰাপ্তিৰ ওখ পাহাৰটো বগাবলৈ নিদিয়ে
কতবাৰ পিচল খাইছে
তথাপিও জানো আন্ধাৰে পোহৰ খেদিব পাৰিব
আজলী আইজনী সাৰে আছে আজিও
আৰু কৃষক পিতাইৰ
তাক লৈ দেখা সুদিনবোৰৰ আশাত অদ্যপি কপালৰ ঘাম
চকুৰ টোপনি
নিজৰ প্ৰশান্তি হেৰুৱাইছে
আইজনীয়ে আজিও কয়
বোপাই তোৰ বাবে নাখায় নবয় থাকিব পাৰোঁ
তোৰ বাবে বিহু নপতাকৈ থাকিব পাৰোঁ
একো লাজৰ কথা নহয়
মাথোঁ প্ৰাণখুলি হাঁহি থকাটো বিচাৰিছোঁ
তই বৰ মানুহ হ’ব নালাগে ভাল মানুহ হ
আধুনিক হ’ সংস্কাৰ নেৰিবি
উচ্চ শিক্ষিত হ’
কিন্তু শিপাৰ সন্ধান এৰি নিদিবি
সি নাঙলৰ সিৰলুত জীপাল হোৱা পলসুৱা মাটিৰ গোন্ধত ডাঙৰ দীঘল হৈছে
বানেগৰকা চকুলো দেখিছে
শুনিছে লৃগাঙৰ মিঠা ঐনিতম
জীয়াই থকাৰ সাহস তাৰপৰাই শিকিছে
অভিজ্ঞতাত লিপিবদ্ধ হোৱা
আপোন মুহূৰ্তবোৰ পকেটত ভৰাই থোৱা সময় নাই এতিয়া
জীৱনক ভালপোৱাৰ ৰং নিজে সানি ল’লেই সুখৰ দ্ৰাঘিমাৰেখা পাৰ কৰা নুবুজাই
তই আমাৰ সপোন
পোহৰ পথৰ সন্ধানী
জীৱন জিজ্ঞাসাৰ নতুন নিনাদ
তোৰ বহল বুকুৰ চোতালত এজাক শিশুৰ কোলাহল শুনাৰ হেঁপাহ গাওঁখনে বিচাৰিছে
তই পাৰিবি
পাৰিবি তই চিফু্ং বাঁহীৰ তালে তালে সমন্বয়ৰ সুৰ আঁকিবলৈ।
কনমইনা দাস