0 00 1 min 2 yrs 271
১/ ৰাষ্ট্রীয় শিক্ষানীতিক অনুকৰণৰ এক বলিষ্ঠ পদক্ষেপ স্বৰূপে অসমৰ শিক্ষা ব্যৱস্থা আৰু পাঠ্যপুথি সমূহক নতুন ৰূপত সজাই তোলা হব। আৰম্ভণিৰে পৰা দ্বাদশ শ্ৰেণীলৈ ১৫টা শিক্ষা বৰ্ষত বিভক্ত এই শিক্ষা প্ৰণালীৰ প্ৰথম পাছ বৰ্ষক বুনিয়াদী হিচাপে, ইয়াৰ পাছৰ তিনি বৰ্ষক প্ৰস্তুতি পৰ্ব হিচাপে, ইয়াৰ তিনিবৰ্ষ প্ৰাথমিক শিক্ষা বৰ্ষ মধ্যম বৰ্গ হিচাপে আৰু শেষৰ চাৰি বৰ্ষক উচ্চতৰ মাধ্যমিক হিচাপে চিহ্নিত কৰা হব।
২/ অসমৰ সত্ৰ সমূহক বেদখলৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত সত্ৰ সমূহত বেদখলত থকা মাটিৰ হিচাপ পৰীক্ষা আৰু ৰাজহুৱা শুনানিৰ বাবে প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকা দেৱৰ নেতৃত্বত খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া দেৱ আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা দেৱক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰা হয়। এই সমিতি খনৰ এক বছৰীয়া কাৰ্যকালৰ বাবে প্ৰদীপ হাজৰিকা দেৱে কেবিনেট মৰ্য্যদা আৰু বাকী দুজন সদস্যই ৰাজ্যিক মন্ত্ৰী মৰ্যাদা লাভ কৰিব।
৩/ পিতৃ-মাতৃ অথবা শহুৰ-শাহুৰৰ সৈতে সময় অতিবাহিত কৰিবৰ বাবে অহা ৬, ৭, ৮, ৯জানুৱাৰী তাৰিখে সকলো পৰ্যায়ৰ কৰ্মচাৰী তথা প্ৰশাসনিক বিষয়া আৰু মন্ত্ৰী সকলৰ বাবে বাবে অসম চৰকাৰে অতিৰিক্ত চুটি মঞ্জুৰ কৰিছে। পিতৃ-মাতৃ অথবা শহুৰ- শাহুৰ জীৱিত নথকা আৰু তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰিবলৈ নিবিচৰা লোক সকলে এই চুটি নাপাব। উক্ত দিন কেইটাত আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ ডিউটি থকা লোক সকলে এই চুটি পৰৱৰ্তী সময়ত লব পাৰিব
৪/ বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে বীৰ জনাৰ মহান কৰ্মৰাজিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তোলাৰ লক্ষ্যৰে এবছৰীয়া গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী লোৱা হব। ইয়াৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে বিশেষ দায়িত্ব লব।
৫/ অসম চৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে তথা চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষাৰ বাবে মাতৃভাষাৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্থান লাভৰ সহায়ক হোৱাকৈ এক যুৱ আয়োগ গঠনৰ সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হয় । এই আয়োগে প্ৰতিখন জিলাৰে ১০০ গৰাকীকৈ ছাত্ৰ ছাত্ৰীক দেশৰ উন্নতমানদণ্ডৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।
৬/ বিদেশী বহিস্কাৰ আন্দোলনত শ্বহীদ হোৱা অথবা ঘুণীয়া হোৱা লোক সকলৰ পৰিয়ালৰ নিৰন্তৰ সহায়ৰ বাবে অসম চৰকাৰে এক ৫ কোটি টকা প্ৰদানেৰে এক নতুন ন্যাস নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। "Trust for welfare for victims of Assam Agitation and their Family" নামৰ এই ন্যাসত সকলো লোকে দান বৰঙণি আগবঢ়াব পাৰিব।
৭/ অসমৰ খিলঞ্জীয়া লোক সকলে  চহৰ অঞ্চলত ভূমি লবৰ বাবে সেই ভূমি ২০ বছৰ দখলত থকা বাঞ্চনীয় আছিল । আজিৰ কেবিনেটে সেই ম্যাদ ১০ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
৮/ এতিয়াৰে পৰা ২৫ লাখ টকাৰ ওপৰৰ ক্ৰয়-বিক্ৰয়ৰ সকলো টেণ্ডাৰ 'ই টেণ্ডাৰ' কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়। অসমৰ জনজাতীয় কাউন্সিল সমূহ এই সিদ্ধান্তৰ আওতাত নপৰিব।
৯/ কিছু দিন পূৰ্বে অসমৰ পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰা সিদ্ধান্তক আজিৰ কেবিনেটে অনুমোদন দিয়ে আৰু লগতে সুৰাৰ ওপৰত কিছু পৰিমানে ৰাজ্যিক কৰ বৃদ্ধিৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে । এই সন্দৰ্ভত অৱকাৰী বিভাগে পৰৱৰ্তী সময়ত অধিসূচনা জাৰী কৰিব।
১০/ ৰাজ্য চৰকাৰৰ অধীনত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক সকলৰ স্নাতকোত্তৰ শিক্ষাৰ বাবে পূৰ্বৰ ২৩ টা সংৰক্ষিত আসনৰ পৰিমাণ ৪০ খনলৈ বৃদ্ধিৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে বিভিন্ন পৰ্য্যায়ত অসমৰ মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষা লাভ কৰা চিকিৎসক সকলে যাতে অসমতে চাকৰি কৰিব পাৰে তাৰ বাবে কিছু ব্যৱস্থা হাতত লোৱা হয়।
১১/ ACS বা APSC পৰীক্ষাৰ বাবে বাধ্যতামূলক অসমীয়া আৰু ইংৰাজী বিষয় এতিয়াৰে পৰা এই পৰীক্ষাত নাথাকিব। তাৰ পৰিৱৰ্তে এতিয়াৰে পৰা এই পৰীক্ষাত আবেদনকাৰী অসমৰ স্থানীয় বাসিন্দা হব লাগিব, অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থাকিব লাগিব আৰু তেওঁলোকে অসমীয়া, অসমৰ সহযোগী ৰাজ্যিক ভাষা বা অসমৰ জনজাতীয় ভাষা যিকোনো এটা ভাষা সলসলীয়াকৈ কব পৰা হব লাগিব।
১২/ অসম মালা আঁচনিৰ অধীনত মাটি অধিগ্ৰহণ কৰিলে মাটিৰ পট্টা নাথাকিলেও দখলীকৃত মাটিৰ গৰাকীয়ে ক্ষতিপূৰণ লাভ কৰিব।
১৩/ আজিৰ কেবিনেটে অসম পুলিচৰ কামাণ্ডো বেটেলিয়ানৰ নিয়োগ নীতিৰ অনুমোদন জনায় এই নীতি অনুসৰি কামাণ্ডো জোৱান সকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু শাৰীৰিক পৰীক্ষা সাধাৰণ জোৱান সকলতকৈ কঠিন হব। ১৮ৰ পৰা ২১ বছৰৰ যুৱক যুৱতীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব।
১৪/ "UDAN" আঁচনিৰ বৰ্হিভূত অসমৰ এয়াৰপোৰ্ট সমূহত অসমৰ ভিতৰতে সেৱা আগবঢ়োৱা বিমান সমূহৰ Aviation Turbine Fuelৰ VAT ২৩.৫ শতাংশৰ পৰা ১ শতাংশলৈ হ্ৰাস কৰি UDAN আঁচনিৰ সমান কৰা হয়। ইয়াৰ ফলত কম মূল্যত সাধাৰণ লোকে বিমান সেৱা লাভ কৰিব পাৰিব।

বঙাইগাঁওৰ বাবে বিশেষ ঘোষণা
ক/ অসম চৰকাৰে কিছুদিন পূৰ্বে ৬খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আজি ইয়াৰ লগতে সপ্তম খন বঙাইগাঁও মহাবিদ্যালয়ক তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে।
খ/ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আগন্তুক ৪,৫ মাহৰ ভিতৰত আৰম্ভ হব। ইয়াৰ বাবে ইতিমধ্যেই নাবাৰ্ডৰ পৰা প্ৰায় ৫৫০ কোটি টকাৰ অনুমোদন পোৱা হৈছে।
গ/ বঙাইগাঁওত নতুন সংযুক্ত উপায়ুক্ত কাৰ্য্যালয় নিৰ্মাণৰ বাবে ৫০ কোটি টকা আৰু বঙাইগাঁওত এক ষ্টেডিয়াম নিৰ্মাণৰ বাবে ২৫ কোটি টকা আজিৰ কেবিনেটে অনুমোদন জনায়

Leave a Reply

Your email address will not be published. Required fields are marked *