0 00 1 min 3 yrs 192

আজি এক মাংগলিক অনুষ্ঠানৰ মাজেৰে ঐতিহ্য বিজড়িত ধৰ্মীয় স্থান বশিষ্ঠাশ্ৰম দেৱালয়ৰ পুনৰ্নিৰ্মিত সভাগৃহৰ আধাৰশিলা স্থাপন কৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই । বিশিষ্ট সমাজকৰ্মী অনুপম শৰ্মা আৰু প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ডঃ সঞ্জীৱ নাৰায়ণে এই সভাগৃহ পুনৰ্নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । তদুপৰি বশিষ্ঠ ভূতনাথ শ্মশান কালী মন্দিৰ চৌহদত ডঃ নাৰায়ণে নতুনকৈ নিৰ্মাণ কৰা উদ্যানখনৰো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে “ধৰ্মীয় আৰু ঐতিহাসিক দিশৰ উপৰি মঠ-মন্দিৰসমূহ হৈছে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক পৰিচয়। এই মঠ-মন্দিৰসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন অতীৱ প্ৰয়োজনীয়। ৰাজ্য চৰকাৰে এই দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি যাব। বশিষ্ঠাশ্ৰম দেৱালয়ত ধৰ্মীয় পৰ্যটনৰ সহায়ক হোৱাকৈ আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা চৰকাৰে ইতিমধ্যে যুগুত কৰিছে। ”

Leave a Reply

Your email address will not be published. Required fields are marked *