0 00 1 min 3 yrs 218

 এই সমাৰোহত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ জ্যেষ্ঠ নিৰ্বাচনী পৰ্যবেক্ষক ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ডাঙৰীয়া, নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক মুকুল ৱাচনিক ডাঙৰীয়া, সম্পাদক চাকিল আহমেদ খান ডাঙৰীয়া, সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া, সম্পাদকত্ৰয় ক্ৰমে অনিৰুদ্ধ সিং ডাঙৰীয়া, পৃথ্বিৰাজ প্ৰভাকৰ সাথে ডাঙৰীয়া, বিকাশ উপাধ্যায় ডাঙৰীয়া, অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুত বৰদলৈ, সাংসদ আব্দুল খালেক, সাংসদ ৰাণী নৰহকে ধৰি দলীয় বিধায়ক আৰু জেষ্ঠ নেতা-কর্মী উপস্থিত থাকে। 

       আজিৰ এই সভাতে কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলৰ প্ৰাক্তন ৰাজ্যিক সম্পাদিকা তথা মুখপাত্ৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, অসম গণ পৰিষদৰ মহিলা পৰিষদৰ ৰাজ্যিক সম্পাদিকা তথা পশুপালন বিভাগৰ প্ৰাক্তন সঞ্চালিকা ভাৰতী শইকীয়া, অসম গণ পৰিষদৰ ৰাজ্যিক জেষ্ঠ নেতা ডাঃ অশ্বিনী কুমাৰ মহন্ত, RTI কর্মী মোহন ৰংপিৰ লগতে অগপ আৰু বিজেপি দলৰ পৰা অৰ্ধ শতাধিক নেতা-নেত্ৰীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে বুলি জানিব পৰা গৈছে ।
     সভাৰ অন্তত ৰাষ্ট্রীয় নেতা কেইগৰাকীৰ সৈতে প্ৰদেশ কংগ্রেছৰ আহ্বানমৰ্মে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসমৰ সমূহ ব্লক কংগ্রেছৰ উদ্যোগত আয়োজিত হ’বলগীয়া চাইকেল ৰেলীৰ শুভ উন্মোচন কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *