0 00 1 min 3 yrs 226

আজি যোৰহাট নিমাতী ঘাটত মহা অশোকাষ্টমী, লোকে লোকাৰণ্য । 

কবিডলৈ নাই কাৰো ভয় ।
আজি জনবিশ্বাস মতে ত্ৰিৱেণী সংগম , গংগা , যমুনা , ব্ৰহ্মপুত্ৰ তিনিখন মহানদীৰ জলধাৰা মিলন হয় 
 
এই জলধাৰা মহামিলন হিন্দুধৰ্মী সকলৰ বাবে এক পবিত্ৰ দিন ।
এই দিনটো অশোকাষ্টমী চ’ত মাহৰ শুক্না অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ ।
এই দিনটোকে মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্ম তিথি বুলিও বিজ্ঞজনে ক’ব বিছাৰে । 
এই দিনটোত ব্ৰহ্মপুত্ৰত স্নান আৰু তৰ্পণ কৰিলে পুণ্য লাভ হোৱাৰ লগতে দোষ নিবাৰণ হয় বুলি বিশ্বাস কৰা হয় ।
সেই বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিয়েই অগণন ভক্তই পিতৃ- মাতৃৰ পিণ্ড দান কাৰ্যসূচী সম্পন্ন কৰে ।
লোকে লোকাৰণ্য নিমাতী ঘাটত নাই কোনো কৰোণাৰ ভয় , নাই কোনো কবিড প্ৰটকলৰ কথা ।
 উখল মাখল পৰিৱেশ , ব্যৱসায়ী সকলৰ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি এক উৎসৱ মুখ‌ৰ পৰিৱেশে বিৰাজ কৰিছে আজি নিমাতী ঘাটত ।

Leave a Reply

Your email address will not be published. Required fields are marked *