0 00 1 min 3 yrs 224
 কৰোনাসৃষ্ট পৰিৱেশৰ বাবে কভিড প্ৰট’কলৰ নীতি নিৰ্দেশনা মানি ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা ৷ 
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আদাট্টাৰীত বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা পূজা, মুকালমুৱা দুৰ্গা মন্দিৰত বৰক্ষেত্ৰী সাৰ্ব্বজনীন দুৰ্গোৎসৱ আৰু আদাবাৰী বাঘেশ্বৰী দেৱালয়ত পূৱ বৰক্ষেত্ৰী সাৰ্ব্বজনীন দুৰ্গোৎসৱ অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছে ৷ 
আজি মহাসপ্তমীৰ দিনা আদাবাৰী বাঘেশ্বৰী দেৱালয়ত দেৱী দূৰ্গাক পূজা অৰ্চনা আগবঢ়াই ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা বৰক্ষেত্ৰী তিনিবাৰৰ প্ৰাক্তন বিধায়ক ডা: ভুমিধৰ বৰ্মনে ৷
 সপ্তমীৰ দিনটোত দিনৰ ভাগতে ডা: ভুমিধৰ বৰ্মনে বাঘেশ্বৰী দেৱালয়ত উপস্থিত হৈ দুৰ্গা দেৱীৰ ওচৰত ধূপ, ধুনা, নৈবদ্যৰে পুষ্পাঞ্জলী অৰ্পণ কৰি পূজা-অৰ্চনা আগবঢ়োৱা দেখা যায় ৷
পূজা সমাপন কৰি বাহিৰলৈ ওলাই আহি ডা: বৰ্মনে সংবাদ মাধ্যমক সম্বোধন কৰি দূৰ্গতিনাশিনী দূৰ্গাই দেশ তথা ৰাজ্যৰ পৰা অপায়-অমংগল বিনাশ কৰি দেশবাসীৰ মঙ্গল কামনা কৰাৰ উদ্দেশ্যেৰে পুষ্পাঞ্জলী অৰ্পন কৰা বুলি জানিবলৈ দিয়ে ৷
মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *