0 00 4 yrs 222

আগবাঢ়িছে সময়

সময়ৰ নামতে উদং হৈছোঁ
আজি আছোঁ 
কালিলৈ নাথাকিবও পাৰোঁ !
বিক্ৰী কৰি পেলাব পাৰে মোক 
সময় নামৰ বেপাৰীয়ে  !
যাবলৈকে আহে সকলোবোৰ
কেইদিনমান আগতে 
দিন আছিল
পাৰহৈ মাহ
এতিয়া বছৰ !
আৰু
দহবছৰীয়া নাগৰিক
এতিয়া সময়ৰ ধৰ্ষণকাৰী
নগৰত বাস কৰে বাবেই নাগৰিক!
সময়ে পঢ়াশালী খুলি দিছিল
পাঠ বোৰত পোহৰ আছিল
হাত কেৰেয়া পিন্ধা শিক্ষক একোজন অন্ধ আছিল!
অসম্ভৱ একো নাই
সেউজীয়া পথাৰ
কবিতাৰ চোতাল
ডাৱৰৰ ঢৌ
কিম্বা জন্মৰ ঠিকনা
সকলো সময়ৰ হাতত,,
সময়ে কঢ়িয়াই গৈ আছে
বিধৱাৰ আনন্দৰ দিনলিপি
নৱবিবাহিতাৰ উন্মাদ হোৱাৰ আঁচনি
বৃদ্ধলোকৰ আত্মহত্যাৰ ইচ্ছা
আৰু 
মৃত্যু অসম্ভৱ বুলি ভৱা বোৰৰ চুটি আয়ুস ,,
সময়ে দিছে
মৃত্যুলৈ কেইবা কিলোমিটাৰ বাট
ৰাশিফলত যিসকলৰ গ্ৰহদোষ আছে
তেওঁলোক বেগাই গৈছে 
সময়ৰ সদগতিৰ অৰ্থে যজ্ঞ কৰিবলৈ
40 বছৰ যোৱাৰ পিছতো চাকৰি পোৱাৰ আশাত যুৱক
ধুমুহা নহালৈকে গছবোৰ নাভাঙে
বিশ্বাস আছে!
সময়ে লাহে লাহে টানি নিছে ডালবোৰ তললৈ,,, 
আশাবাদী 
ত্ৰিছবছৰীয়া পতিতা
কলংকিতা হোৱাৰ পিছতো
হোমৰ গুৰিত বহাৰ আশা!
সপ্তাহৰ চতুৰ্থদিনাই বৃহস্পতিবাৰ
পাপবোৰ সিদিনাই নোহোৱা হব!
সময়ে লাহে লাহে লৈ গৈছে গুৰুবাৰ !
প্ৰতিক্ৰিয়া ৰাজনীতিবিদৰ
নিৰ্বাচনী বিষক্ৰিয়া প্ৰতিপক্ষৰ;
উগ্ৰপন্থীবোৰে আত্মসমৰ্পণ কৰিব পাৰে 
দেশ বিভাজন নোহোৱাকৈয়ে নতুন চৰকাৰ আহিব পাৰে!
সময় চিনি পোৱা আটাইকেইজন ৰাজনীতিবিদে এই কথা জানিছিল
আৰু কোনেও কাৰো বিৰোধিতা কৰা নাছিল
বিচাৰি ফুৰিছিল
একোটা জাতিৰ গণনালিপি!
শেষান্তৰত ,
যদিওবা 
সময়ৰ ওচৰত 
কবিতাৰ বাবে কৰ দিব নালাগে
ৰাষ্ট্ৰক গতাই দিব নালাগে নিজৰ দেহ
কেৱল 
ঠিকনাবিহীন শব্দৰ 
উপলুঙাহীন
সুৰ এটাই
এই সুৰৰ নাম সময় 
আৰু তাৰ লহৰত ওপঙি ফুৰা মানুহ !

Leave a Reply

Your email address will not be published. Required fields are marked *