0 00 1 min 4 yrs 186

যি কথা মানুহে নুশুনে

তুমি শুনিবা
যদি মই কওঁ 
তুমি এজোপা প্ৰেমৰ গছ
আৰু সদ্য প্ৰকাশিত মানুহবোৰ
তাৰ লতা
তেতিয়াও সেই গছত
আকাশমুৱাকৈ কঁ‌পি থকা 
মই কুমলীয়া ঠাল-ঠেঙুলি !
যদি মানুহে ভাবে
তুমি মোৰ শেঁ‌তাপৰা চকুলোত 
এৰাতিৰ পূৰ্ণিমা,
তেতিয়াও মই তোমাৰ 
ডালিমফুলীয়া ওঁ‌ঠৰ হাঁ‌হিত
এটি সুধাময় স্পৰ্শ…
এদিন তোমাৰ কথা 
ইংৰাজ কবিজনক সুধিছিলো
সুধিছিলো কিয় তাই
ঋতুহীন দুখত হাঁ‌হিব নোৱাৰে
কান্দিলেও 
আটাইখিনি চকুলোৰে কান্দিব নোৱাৰে ..
আচলতে কবিৰ সমিধানত 
তোমাৰ আৰু প্ৰেমৰ
আত্মাৰ উপকূলৰ মাজত
আজিও মই
যুগান্তৰ প্ৰবাহিত এখন চলন্ত সাগৰ..
তোমাৰ দুখ হেনো
বীণাৰ তাঁ‌ৰবিলাকৰ দৰে অকলশৰীয়া
আৰু আমাৰ ভৱিষ্যতৰ কলিবোৰত
তোমাৰ যি সুৰভি  
সেয়া মোৰ নিশ্বাসহে মাথোঁ !
যদি বিষাদৰ ধুমুহাই
তোমাক গছজোপাৰ দৰে কঁ‌পাই
আৰু মোৰ পোছাক
বাঁ‌হীৰ সুৰৰ দৰে ঢ’উ খেলে
তেতিয়াও মই কম যে
এই পোছাকৰ কাপোৰ আচলতে
তোমাৰ হিয়াৰ পৰাই উলিয়াই লোৱা সূতাহে,
কথা পাতিম এদিন
আহিবা ..
অনুপ অসমীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *