0 00 1 min 5 yrs 102
আগুৱাই যাওঁ তোমাৰ খোজত
চক খাই ঘুৰি আহোঁ
কিজানিবা তুমি ……!
চাদৰ ওপৰত উঠি জাপ মাৰো
বুঢ়া আঙুলিৰ তলত ,
কোচ খায় চৰাই জনী
আ: কৈ চিঞৰি চকু দুটা
মুদি দিয়ে ।
তাৰ গালৰ পৰা
বিৰিঙি আহে মোৰ তেজ
কিয় নাহিব…?
মইতো আৰু চৰাই নহওঁ
ঝক ঝক ঝক ৰে’ল
পুনৰ পাঁচ টকাৰ বাস্তৱতা ।
           আনাৰুদ জামান সেখ
                     

Leave a Reply

Your email address will not be published. Required fields are marked *