0 00 1 min 5 yrs 215

 (১)

সচাকৈ কবি হবৰ বৰ মন
কিন্তু ক’তনো লিখিম কবিতা?
নাই ‘জোনাকী’ নাই ‘বাঁহী’ 
গৰীয়সীত লিখিলেও মানুহে 
টকাৰে কিনি লয় সচাঁ
কিন্তু কোনোবাই পড়েনে?
কিন্তু মোৰ যে কবি হ’বৰ বৰ মন
তেনেহ’লে ক’তনো লিখিম কবিতা ॥
                (২)
কিতাপ পঢ়াৰ মানুহৰ সময় নাই
মিছন চাইনা কাঞ্চন জংগাত ব্যস্ত আজিৰ সমাজ
অহাৰ সময়ত কিতাপ এখন কিনি লয় সঁচাই 
কিন্তু ঘৰত আহি ফেচবুক কৰি
কেতিয়া টোপনি মাৰে গমেই নাপায় ।
অ’ ফেচবুকৰ কথা মনত পৰিল
মইও কিছুসময় ফেচবুক খন খুলি চাওঁ
তাতনো কি আছে?
হাজাৰ হাজাৰ লাইক কমেন্ট।
অ’ কবিতা লিখাৰ ঠাইও বিচাৰি পালো
ফেছবুকতেই লিখিম কবিতা ।
                 (৩)
পিছে 
কি কবিতানো লিখিম 
স্বদেশ প্ৰেমৰ কবিতা?
নহয় মানুহে নপঢ়ে
প্ৰকৃতি বিষয়ৰ কবিতা?
নহয় মানুহে নপঢ়ে 
তেন্তে কি কবিতানো লিখিম
দেশৰ সমস্যাৰ কবিতা 
লিখিলেতো মানুহ পৰিবই !
 নপঢ়ে ।
তেনেহ’লে কি কবিতা’নো লিখিম
নিবনুৱাৰ সমস্যাৰ কবিতা 
বান-পানীৰ সমস্যাৰ কবিতা 
লিখিম নেকি?
নালাগে সেইবোৰ কবিতা লিখিব ।
লিখা সাম্প্ৰদায়িক কবিতা 
লিখা হিন্দু মুছলমানৰ কাজিয়াৰ কবিতা 
আৰু হয়তোবা লিখিব পাৰা
ৰাজনৈতিক দলৰ সপক্ষে কবিতা 
দেখিবা পাঠক পাঠিকাৰ হিচাপ নাই 
ফেচবুকত লিখিলেও লাইক কমেন্টৰ হিচাপ নাই ॥
              (৪)
সঁচাকৈ এনেকুবা হৈছেনে আজিৰ সমাজ
পাৰিবনে আজিৰ বুদ্ধিজীবী সকলে
সমাজ খন নিকা কৰিব?
 ওলাবনে চন্দ্ৰকুমাৰৰ দৰে কবি এজন ?
মানুহে  দেৱ মানুহে সেৱ বুলি কৈ 
ৰচনা কৰা কবি।
ওলাৱনে ভূপেন দাৰ দৰে এজন গীতিকাৰ ?
মানুহে মানুহৰ বাবে কোবা 
এজন মহান ব্যক্তি
              (৫)
মইতো লিখিব নোৱাৰো সাম্প্ৰদায়িক কবিতা 
তেন্তে মই কেনেকৈ হম কবি?
মইতো লিখিব নোৱাৰো 
ৰাজনৈতিক দলৰ পক্ষলৈ কবিতা 
তেন্তে মইনো কেনেকৈ হ’ম কবি
লবনে মানুহে আকৌ আদৰি
স্বদেশ প্ৰেমৰ কবিতা বোৰ
লবনে আদৰি নিবনুৱা সমস্যাৰ 
কবিতা বোৰ?
হবনে মোৰ কবি হোৱাৰ 
আশা পূৰণ
তাৰেই আশাৰে অধিৰ আগ্ৰহৰে 
কবি হোৱাৰ বাটত ৰলোঁ থমকি।
         কবি:- আনাৰুদ জামান সেখ (জামান)

Leave a Reply

Your email address will not be published. Required fields are marked *