0 00 1 min 3 yrs 236

চৰ অঞ্চলৰ গ্ৰামীণ কৃষি বিকাশ সমিতি(কাৰডাচ)ৰ উদ্যোগত আৰু আলোপতি ছাত্ৰ সন্থাৰ সহযোগত বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি খাটিয়ামাৰী বজাৰ প্ৰাঙ্গণত *

তথ্য জনাৰ অধিকাৰ আইন 2005 (RTI act)ৰ ওপৰত এখন কৰ্মশালাৰ আয়োজন কৰা হয়।

কৰ্মশালা অনুষ্ঠানটিত প্ৰায় অৰ্ধ শতাধিক লোকে অংশ গ্ৰহণ কৰে। অংশ গ্ৰহণকাৰী সকলে হাত ছেনিটাইজ কৰাৰ লগতে কভি’ড প্ৰট’কল মানি শিক্ষা গ্ৰহণ কৰে আৰু উল্লেখিত বিষয়টিৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপনত সমল ব্যক্তি গৰাকীয়ে খুব সহজ ভাবে উত্তৰ প্ৰদান কৰে।

আজিৰ এই কৰ্মশালা অনুষ্ঠানটিত সভাপতিত্ব কৰে কাৰডাচ NGO ৰ সভাপতি আজিবুল হ’ক আৰু সভাখনত উদ্ধোধনী ভাষন প্ৰদান কৰে আলোপতি ছাত্ৰ সন্থাৰ সভাপতি হান্নানুল আহমেদে।

উক্ত কৰ্মশালাত লুইত পৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা স্বামচুল আলম ছৰোৱাৰ্দীয়ে সমল ব্যক্তি হিচাপে উপস্তিত থাকি “তথ্য জনাৰ অধিকাৰ আইনৰ “ওপৰত বিশদভাৱে আলোচনা আগবঢ়োৱাৰ লগতে আলোপতি গাঁও পঞ্চায়তৰ সভাপতি শিৰাজুল হ’কেও ভাষন আগবঢ়ায়।

ইমনুল হাচান

Leave a Reply

Your email address will not be published. Required fields are marked *