0 00 1 min 3 yrs 231

আলোপতিত PWD ৰাস্তা নিৰ্মাণত ব্যাপক দূৰ্ণীতি

উত্তাল প্ৰতিবাদ ঠিকাদাৰ মৃণাল জ্যোতি দাসৰ বিৰুদ্ধে


প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোঁজনাৰ পকী পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি |

নিৰ্মাণ কাৰ্য শেষ হোৱা বছৰ নহওঁতেই ৰাস্তাৰ দুয়োকাষেদি ওলাইছে সুৰংগ,উঠি যাবলৈ ধৰিছে কাৰ্পেটিং যাৰ বাবে স্হানীয় লোকে কৰিলে উত্তাল প্ৰতিবাদ,কত এই প্ৰতিবাদ ? চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন…


বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দক্ষিণ পাৰৰ চৰাঞ্চালৰত PWDৰ প্ৰায় সমূহ পথ নিৰ্মাণতেই হৈছে ব্যাপক দূৰ্নীতি |ঠিকাদাৰ মৃণাল জ্যোতি দাসে কালাইৰদিয়াৰৰ পৰা সুখোৱাৰঝাৰলৈ যোৱা(পেকজ নং AS 01 226) ৰাস্তাৰ যি কাম কৰিছিল সেই কামত কম পৰিমানৰ মেটেল’ দিয়াৰ লগতে ৰাস্তাৰ দুয়োকাষে বান্ধ নিদিয়াত ৰাস্তাৰ কাষেদি ওলাইছে ডাঙৰ-ডাঙৰ সুৰংগ,উঠি যায় আছে কাৰ্পেটিং যিকোনো সময়ত সংগঠিত হ’ব ভয়ংকৰ দূৰ্ঘটনা। ঠিকাদাৰ মৃণাল জ্যোতি দাসে নিজ মইমতালিৰে ৰাইজৰ বাধাক ভ্ৰুক্ষেপ নকৰি বুঢ়া আঙুলি দেখুৱাই দূৰ্নীতি আৰু অনিয়মৰ মাজেৰে কাম কৰিছে বুলি ৰাইজে উদ্বেগ প্ৰকাশ কৰে।যাৰ বাবে ৰাইজে PWDহায়-হায়, ঠিকাদাৰ মৃণাল জ্যোতিৰ দূৰ্নীতি নচলিব,দুৰ্ণীতি বন্ধ কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে,লগতে দুৰ্নীতিপৰায়ণ ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীয়ে |


ইমনুল হাচান

Leave a Reply

Your email address will not be published. Required fields are marked *