0 00 1 min 4 yrs 177

ফাগুনী আকাশত 

এজাক বৰষুণৰ আখৰা চলিছে 
মইমতীয়া ডাৱৰ জাকে
 ওখনা ওখনি কৰিছে 
মাজে মাজে মেঘৰ দামামা বাজিছে 
সুখৰ সময় সমাগত 
সাজু হ’ল অনাগত 
ৰুণুক জুনুক নূপুৰ পিন্ধি 
নামি আহে 
এজাক সপোন যেন বৰষুণ 
আশাপূৰ্ণা আজি ধুলিয়ৰি ধৰিত্ৰী 
শ্যামলীমা হ’ব ৰুক্ষ প্ৰকৃতি 
কুঁৱলিৰ আচ্ছাদন গুচি আঁতৰিল বাধা 
ফাগুনী আকাশে যাঁচে সঞ্জীৱনি সুধা ।
মনচুমি কলিতা নাথ 

Leave a Reply

Your email address will not be published. Required fields are marked *