অপেক্ষাৰত এমুঠি বিষাদ
অপেক্ষাৰত এমুঠি সময়।
নিৰ্জনতাৰ বুকু ভেদি আকাশৰ বুকুত ডেউকা কোবাই
ঘৰমূৱা এটি পক্ষী,হেঁপাহৰ পঁজালৈ
সন্ধ্যাৰ বুকুত জাহ যায় ৰঙা বেলি
বিষণ্ণতা মেৰিয়াই আহত হৃদয়,অপেক্ষাৰত সময়,আহত সময়।
অবুজন হেঁপাহৰ নৈ খন কিন্ত্ত তেনেকৈয়ে বৈ ৰয়…
নিৰবধি নৈ,বৈ যায়
মাথো শুনা নাযায় নাৱৰীয়াৰ বঠাৰ চপক চপক কোলাহল
নাইবা ওঁঠৰ বাঁহীৰ মতলীয়া সুৰ।
আহত হৃদয়খন তেনেকৈয়ে ৰৈ যায়
আহত সময়বোৰ তেনেকৈয়ে বাগৰি যায়।
এজাক চেঁচা বিষণ্ণ বতাহে দি যায় মাথো উভতি যোৱাৰ বতৰা।
✍ ৰাজশ্ৰী কলিতা