0 00 1 min 2 yrs 167


নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে আজি যৌথভাৱে অভিযান চলায় নিষিদ্ধ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ হাজো-দৌলাশাল গড়কপ্তানি পথৰ বামুনবড়ীত আৰক্ষীয়ে অভিযান চলায় AS-01BM-2086 নম্বৰৰ ইণ্ডিগো বাহনখনৰ পৰা জব্দ কৰে বৰবিহ সদৃশ ড্ৰাগছখিনি ৷ ইণ্ডিগো বাহনখনৰ ইঞ্জিনৰ পৰা চাৱন কঢ়িওৱা দুটা বাকছৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি ৷ আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰি গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী শ্বাহজামাল আলী ৷ ধৃত সৰবৰাহকাৰীজনৰ ঘৰ গোৱালপাৰাৰ লক্ষীপুৰত ৷ সৰবৰাহকাৰীজনে গুৱাহাটী দিশৰ পৰা গোৱালপাৰালৈ ড্ৰাগছখিনি কঢ়িয়াই আনি থাঁকোতে আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰ ভিত্তীত জব্দ কৰে ড্ৰাগছখিনি ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত চলিছিল অভিযান ৷

মুকালমুৱাৰ পৰা সমৰজিত পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *