0 00 1 min 4 yrs 231

  বিষয়টো আলোচনা কৰাৰ আগতে ধৰ্ম কাক কয় বা ক’ৰ পৰা আহিল সম্যক জানি লওঁহক l ধৰ্মবিন্যাসৰ পৰা চালে পৃথিৱীত ধৰ্ম তিনিধৰণৰ 1) এচীয় ধৰ্ম  2) ভাৰতীয় ধৰ্ম(হিন্দু) 3)আব্ৰাহামিক ধৰ্ম l(উৎস :-wickipedia)

       প্ৰাচীন কালৰ আদিবাসী সকলে জুইৰ আৱিষ্কাৰৰ লগে লগে মনলৈ এক চেতনাই ক্ৰিয়া কৰিলে যে আমি মানুহে ইচ্ছা কৰিলে বহু কিবা কিবি কৰি দেখুৱাব পাৰো l চকা আৱিস্কাৰৰ পিছৰে পৰা মানুহৰ মাজত বিশ্বাসবোৰ বাঢ়ি গ’ল যে আমি মানুহবোৰ সঁচাই আনজীৱৰ পৰা বেলেগ ধৰণৰ l সিহঁতে ভাৱিলে ৰ’দ,বতাহ,বৰষুণ ধুমুহা গৰজনিবোৰৰ নিশ্চয় কোনোবা মালিক আছে l হুকুম দিলেই এইবোৰ হৈ যায় l সিহঁতে লগতে এইটোও লক্ষ্য কৰিলে যে ভুমিকম্প,ধুমুহা,চুনামীয়ে পৃথিৱীত বহু বিপৰ্যয়ৰ সৃষ্টি কৰে l ভাৱিলে ইয়াৰ কাৰণ মানুহৰ মাজত অপকৰ্ম আৰু অন্যায় বৃদ্ধি হোৱাৰ ফলত মালিক জনৰ খং উঠে l গতিকে এচাম জ্ঞানীয়ে সেই মালিক জনক সান্তোষ কৰিবলৈ পূজা পাতল আয়োজন কৰিলে l এচাম উদ্যমী জ্ঞানীয়ে পূজা পাতল কৰা ব্যৱস্থাটোক এখোপ আগুৱাই নি মাটিৰে মূৰ্তি সাজি মালিক জনক কাবৌ মিনতি কৰিবলৈ প্ৰয়াস কৰিলে l ফলত মূৰ্তি পূজাৰ পাতনি ঘটে l (কৈ থোৱা ভাল যে প্ৰাচীন কালত দেৱ দেৱী বিলাকে ,বিজ্ঞানী সকলে যাক এলিয়েন বুলি ক’ব খোজে) মানুহৰ মাজত আহি নিজৰ চেহেৰাটো দেখুৱাইছিল l আৰু বহুতৰ লগত সহবাস কৰিছিল যাতে মানুহৰ মানিসিক বিকাশ তিব্ৰ হয় l যিচু খ্ৰীষ্ট তাৰ উদাহৰণ l (উৎস :-HISTORY TV 18 Ancient Allens-season 5 ) 
     এনেকৈয়ে ধৰ্মৰ আৰম্ভ হয় l সেই সময়ত সমাজৰ ৰজা আৰু প্ৰজাৰ মাজত সম্পৰ্ক অতুত ৰাখিবলৈ ধৰ্মই বেছি আগভাগ লৈছিল l *সেয়ে হিন্দু ধৰ্মত চাৰি বৰ্ণৰ উল্লেখ পাওঁ l সমাজৰ বন্ধোনটোক শিকলিৰ দৰে মজবুত কৰি ৰাখিছিল ধৰ্মই l পাপ কৰিলেই ভগৱানৰ খং উঠিব আৰু ভুমিকম্প, চুনামী দি পৃথিৱীত বিপৰ্যয়ৰ সৃষ্টি কৰিব বুলি সিহঁতৰ মাজত লোকবিশ্বাস প্ৰচলিত আছিল l 
   লাহে লাহে দিন বাগৰিল l মানুহৰ চিন্তাত নতুনত্বৰ প্ৰলেপ পৰিল l সেই মূৰ্তিপূজক সকলৰ বিৰুদ্ধে এচাম সেই গোত্রৰে লোক মাত মাতি গ’ল l যেনেদৰে মুচলিম হৈওঁ টচলিমা নাচৰিন আৰু মালালা ইউচুফজায়ে মুচলিম তথা ইচলামৰ বিৰুধিতা কৰে ঠিক সেই সময়তো হিন্দু হৈওঁ বহু হিন্দুলোকে মূৰ্তি পূজাক কটাক্ষ চাৱনিৰে চাইছিল আৰু তিব্ৰভাষাৰে সমালোচনা কৰিছিল l #তেৰাহ(Terah)বা আযৰ আছিল আব্ৰাহামৰ বাপেক l তেৰাহ আছিল পৌত্তলিক(Pagan) l পুৰণা ককা আজু ককাৰ দিনৰ পৰা চলি অহা নিয়মকে আখৰে আখৰে মানিব খোজা ৰক্ষণশীল মনৰ মানুহ l আনহাতে আব্ৰাহাম আছিল পৰিৱৰ্তনশীল মানসিকতাৰ মানুহ l লগতে আব্ৰাহাম আছিল প্ৰকৃতিপ্ৰেমী আৰু ভাবুক l বাপেক আছিল মূৰ্তিপূজক l বাপেকে মূৰ্তিবোৰ বনাই জীৱন নিৰ্বাহ কৰিছিল লগতে মূৰ্তি পূজা কৰা মন্দিৰ এটাৰ পূজাৰী আছিল l আব্ৰাহামৰ বাপেকৰ এনে কাণ্ডৰ প্ৰতি প্ৰতিবাদ তিব্ৰ হ’বলৈ ধৰে l সমাজৰ কিছুমানে পিতৃ অভ্যষ্ট অসভ্য সন্তান বুলি অভিহিত কৰিলে l অৱশেষত তেৰাহৰ আইন অমান্যকাৰী অভ্যষ্ট সন্তান নম্ৰুদ(Namrood) ৰ সহায় ল’লে l  নম্ৰুদৰ নেতৃত্বত ৰাইজে আব্ৰাহামক পুৰি পেলোৱাৰ সিদ্ধান্ত কৰিলে l কথা মতেই কাম l অৱশেষত আব্ৰাহামক পুৰিলে কিন্তু বিশেষ সুযোগত পুৰা নগল আৰু তাত থাকিলে বিপদ হ’ব বুলি তাৰ পৰা পলাই আন এখন ঠাইলৈ স্থানান্তৰ হ’ল l 
   সেই ঠাইৰ মানুহ খিনি আছিল আব্ৰাহামৰ যুক্তিৰ সমৰ্থক l অৰ্থাত সিহঁতেও মুৰ্তিপূজাৰ বিৰুধে অন্তৰে অন্তৰে ঘীন ভাৱ পুহি ৰাখিছিল l যিহেতু আব্ৰাহামেই আছিল স্পষ্টবাদী আৰু নিৰ্ভীক সেয়ে তেওঁক পদাংকন কৰিবলৈ লয় সিহঁতে l এনেকৈয়ে একেশ্বৰবাদৰ উৎপত্তি হয় l আব্ৰাহামৰ সতি সন্ততিয়ে বাপেকৰ নীতিৰ তথা মতামতবোৰ সুচাৰুৰূপে পালি আহিল l আব্ৰাহামৰ চাৰিটা সন্তান আছিল 1)ইচম-আইল(ইছমাইল) 2)আইজাক(ইচহাক) 3)মাদায়ান 4)মাদায়েন l 
      সিহঁতৰ বংশৰ পৰাই ম’চেছে বা মুচাৰ (Moses)নেতৃত্বত ইয়াহুদি ধৰ্ম (Judaism) জন্ম হ’ল l ম’চেচৰ মৃত্যুৰ পিছত ইয়াহুদি সমাজত আহুকালৰ জন্ম হ’ল l ধৰ্মীয় গুৰুবোৰে প্ৰভুত্ব চলাব ধৰে l সমাজৰ সাধাৰণ শ্ৰেণীৰ মাজত উত্তাৱলৰ জন্ম হ’ল l কুইন মেৰিৰ পেটত তেতিয়া যিচু খ্ৰীষ্ট নামেৰে দিব্যশিশুৰ জন্ম হ’ল l যিচু ডাঙৰ হৈ অহাৰ লগে লগেই ইয়াহুদিৰ সেই ধৰ্মপণ্ডিত বোৰৰ বিৰুধে মাত মাতি গ’ল l পৰমেশ্বৰৰ নামত নিজৰ পকেট গৰম কৰা সেই ভণ্ড পণ্ডিতৰ বিৰুধে যিচু আছিল অতি কঠোৰ l ইয়াহুদি ধৰ্মত পৰমেশ্বৰ জনৰ বহু উচ্চ আসন দিয়া হয় l আনকি “ইশ্বৰ আছেনে?”বুলি প্ৰশ্ন কৰা বহু শিশুক হত্যা কৰাৰ ঘটনাও কিতাপত পোৱা যায় l যিচু প্ৰায় ৰাইজক বুজাব ধৰিলে পৰমেশ্বৰ বহুত দয়ালু আৰু মৰমিয়াল l পৰমেশ্বৰে সকলোকে ক্ষমা কৰে, আমি যি কৰো বা কৰি আছো সকলো ক্ষমা কৰি দিব যদি তেওঁৰ ওচৰত ক্ষমা মাগো l এনে সহজ সৰল মতাবাদক বহু ইয়াহুদিয়ে সমৰ্থন দিলে l ফলত জন্ম হ’ল খ্ৰীষ্টান ধৰ্ম l উল্লেখ্য যে ম’চেচে কৈ গৈছিল যে তেওঁৰ মৃত্যুৰ পিছত ইয়াহুদিৰ মাজত আহুকালৰ আগমন হ’ব আৰু সেই আহুকাল দুৰ কৰিবলৈ নতুন ৰক্ষক(Messiah)ৰ জন্ম হ’ব l 
   যিচুৰ মৃত্যুৰ পিছত খ্ৰীষ্টান সমাজত পুনৰ আহুকালৰ আগমন হ’ল l ধৰ্মপণ্ডিত এচামে বাইবেলৰ ওপৰত ৰূপাংকণ((modify))কৰিবলৈ আৰম্ভ কৰে l কিছুমান আপত্তিজনক বাক্য আৰু বিতৰ্কিত মন্তব্যত নিজৰ মনে সজা মনোভাৱ সংযোগ কৰিলে l লগে লগে খ্ৰীষ্টান পাঁচটা ভাগত ভাগ হ’ল 1) church of the east,2)Oriental Orthodox 3) Eastern orthodoxy 4) Catholicism 5) Protestantism । 
    এচামে যিচু খ্ৰীষ্টৰ মতবাদৰ যিবোৰ আসোঁৱাহ আছিল সেইবোৰ দুৰকৰি নতুন মতবাদ গঢ়ি তুলিলে,আন এচামে যিচুৰ মতবাদক আখৰে আখৰে পালন কৰি গ’ল l যিচুৱে গোটেই পৃথিৱীত এক নতুন জাগৰণ তুলি গ’ল সেয়ে যিচুৰ অৱদান সদায় অতুলনীয় l যিচুৰ মৃত্যুৰ পিছত লাহে লাহে গোটেই বিশ্বতে পুনৰ আহুকালে দেখা দিলে l আৰৱত সেই সময়ত অন্যায়, অপকৰ্ম আৰু নাৰী নিৰ্যাতনৰ লেখীয়া ঘীননীয় কৰ্মই সমগ্ৰ সমাজ ব্যৱস্থাটোক তললৈ ডুবাই নিছিল l শক্তিশালীয়ে দুৰ্বলীক আক্ৰমণ কৰাৰ প্ৰৱণতা দিনক দিনে বাঢ়ি যায় l তেনে এটা সন্ধিক্ষণতে মেহামদ(মহাম্মদ(চ:)) জন্ম হয় l সৰুৰে পৰা গম্ভীৰ আৰু ভাবুক মেহামদে সমাজ তথা দেশখনক দুৰ্নীতি তথা অপকৰ্মৰ পৰা মুক্ত এখন শান্তিপূৰ্ণ সমাজ গঢ়াৰ আশা পুহি ৰাখিছিল l ডাঙৰ হৈ অহাৰ লগে লগেই গাব্ৰিয়েল(জিব্ৰাইল) ইশ্বৰৰ বাৰ্তাবাহক দেৱতা))ৰ সৈতে সাক্ষাত হয় l যিবোৰ উপায় মনে মনে ভাৱি আছিল সেইবোৰেই গাব্ৰিয়েলৰ মূখৰ পৰা শুনি হতবাক হ’ল l লাহে লাহে আগ্ৰহ বাঢ়ি গ’ল l সদৌ শেষত নতুন মতবাদৰ জন্ম হ’ল l মেহামদৰ সেই নতুন মতবাদৰ নতুন পন্থাক মক্কাৰ মুৰ্তিপূজক সকলে সহজে মানি নললে l “ইচ! এনেহে নবী ওলাইছে!! হিজৰা চালা! এইটো এটা পাগল! “-আদি ঠাত্তা বিদ্ৰুপ পোৱাৰ পাছত জন্মস্থান মক্কা এৰি মদিনালৈ ৰাওনা হয় l মদিনা মানুহ খিনি আছিল শিক্ষিত আৰু ব্যৱহাৰিক l মেহামদৰ নতুন পন্থাক সুন্দৰ ভাৱে আকোৱালি লোৱাত কৃপনালী নকৰিলে l মাত্র দুই তিনি মাহতে সমগ্ৰ মদিনাতে মহাম্মদ(চ:)ৰ নতুন নীতি প্ৰচাৰ আৰু প্ৰসাৰ হ’বলৈ ধৰে l বহুতো ঘাট প্ৰতিঘাট, ঠাত্তা বিদ্ৰুপ,তিৰস্কাৰৰ পাছত ইচলাম ধৰ্ম নামৰ নতুন ধৰ্মৰ উত্থান হ’ল l এয়াই ইচলামৰ উৎপত্তিৰ ঘাই কথা l
   মুচলিম সকলে বিশ্বাস কৰে যে যেনে দৰে সমাজত আহুকাল হলেই নতুন ৰচুল বা মেচ্চিয়াহৰ আগমন হৈছিল ইয়াহুদিৰ পটনৰ পিছত খ্ৰীষ্টান জন্ম l পুনৰ খ্ৰীষ্টানৰ পটনৰ পিছত ইছলামৰ জন্ম l তেনেদৰে এদিন ইচলামো পটন হ’ব l তেতিয়া নতুন নবী বা মেচ্চিয়াহৰ জন্ম নহয় মাত্র কিয়ামত বা মহাপ্ৰলয়ৰ আৰম্ভ হ’ব l 
✍️ইয়ামিন আলী 

Leave a Reply

Your email address will not be published. Required fields are marked *