0 00 5 yrs 109
   বুধবাৰে বোকাখাতৰ বিভিন্ন দূৰ্ঘটনা সংঘতিত স্থান পৰিদৰ্শন কৰে তিনিটা বিভাগৰ বিষয়ববীয়াই।বোকাখাতৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘাটিত হয় পথ দূৰ্ঘটনা। চলিত বৰ্ষত বৰ্তমানলৈকে ৯০টাতকৈ অধিক দূৰ্ঘটনা।এই দূৰঘটনাত প্ৰান গৈছে ১০ জনকৈ অধিক লোক। বোকাখাতৰ বৰজুৰীৰ পৰা ৰজাবাৰীলৈ এই পথচোৱাত প্ৰায়ে সংঘাটিত হয় পথ দূৰ্ঘটনা। এই দূৰঘটনা সমূহৰ কাৰণ উদ্ঘাটনৰ বাবে বুধবাৰে তিনিটা বিভাগৰ লোক আহি ঘটনাস্থল সমূহ পৰিদৰ্শন কৰে। বোকাখাত যানবাহন শাখাৰ নেতৃত্বত গোলাঘাট জিলা পৰিবহন বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বোকাখাত সংমণ্ডলৰ বিষয়ববীয়াৰ এটা দলে ঘটনাস্থল সমূহ পৰিদৰ্শণ কৰে। ৩৭ নং ঘাইপথত থকা বহুকেইখন দলং মূল পথকৈ ঠেক হোৱাৰ বাবে এনে ঘটনা সংঘটিত হয় বুলি অনুমান কৰে।বোকাখাতত সংঘটিত
পথদূৰ্টনাৰ কাৰণ হিচাপে যান বাহন আৰক্ষীয়ে মতপোষণ কৰে যে অধিক মদ্যপান কৰি গাড়ী চালনা কৰাৰ লগতে গতি নিয়ন্ত্ৰণ নকৰাকৈ বাহন বলোৱাৰ বাবেই এনে দূৰঘটনা সংঘটিত হয়। তাৰোপৰি মটৰ চাইকেল চালক সকলে হেলমেট পৰিধান নকৰি তীব্ৰ গতিত বাইক চলোৱাটোৱেই অন্য এটা কাৰণ বুলি জানিব দিয়ে।
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *