যাৰ সুগন্ধিত বলিয়া হয় এজাক ভোমোৰা
ন-সূৰুযৰ ৰঙীন আভাত জিলিকি উঠে এখনি অপৰিস্ফূত ছবিৰ প্ৰস্ফূতিত মুখ
য’ত আলোকিত হয় মনালিছাৰ হাঁহি,
যাৰ বাবে নিগৰিত হয় নিমতীৰ এষাৰি মাত
গঞাঁ মাতাল কবিৰ প্ৰমিক বন্ধু তেওঁ
অথবা আন দহজন উদঙীয়া ডেকাৰো হিয়াৰ আমঠু,
যৌৱনৰ তাড়নাত তেওঁলোক মাতাল প্ৰেমিক
আৰু তেওঁযেন শান্তিৰ শীতল ছাঁয়া
তেওঁৰ চকুৰ লহপহীয়া তীব্ৰ লাজুকীয়া চাৱনিত সাৰ পাই উঠে প্ৰেম প্ৰেম ভাব এটি,
তেওঁৰ উঠন বুকুৰে বৈ আহে মৰমৰ এখনি নৈ,
আৰু বোৱাই নিয়ে উৰ্বৰা ভূমিৰ এটি আভিজাত্য হাঁহি।
বৰ আকুলতাৰে পাব খোজা তেওঁ কাজলসনা দুচকুৰ নিলাভ চাৱনিৰে আহত কৰা প্ৰাণপ্ৰিয়া
সুললিত মধুৰ কন্ঠৰে নিগৰা সুৰৰ লহৰ।
উত্তম লইং