0 00 1 min 4 yrs 211
ৱবৰ্ষত  তোমাক জনাওঁ আন্তৰিক শুভেচ্ছা
নৱবৰ্ষত শুভেচ্ছাৰে ভৰি পৰিব পাৰে তোমাৰ বুকুৰ পিৰালি
ফুলিব পাৰে বহু আশাৰ ফুল
স্বাগতম জনাবা নতুনত্বক,
নেহেৰুৱাবা অতীত মধুৰ অস্তিত্বক অথবা নিজক,অনিশ্চয়তাৰ মাজত…।
অপসংস্কৃতিকো নিদিবা ঠাই,
কুৰুকি কুৰুকি ভক্ষণ কৰিব পাৰে তোমাৰ সুকোমল ব্যক্তিত্বক।
নৱবৰ্ষক আদৰিবলে চৌদিশে মাথোন বিশৃংখলতাৰ আয়োজন
তুমিও হয়তো ব্যতিক্ৰম নহয় 
নৱবৰ্ষৰ নামত মাথোন হাই-কাজিয়া,তেজৰ তুমুৰালি,নগ্নতা আৰু প্ৰদূষিত আকাশ,
মদ্যপানেৰে অশ্লীল-অসভ্য শব্দৰ সমিলমিলেৰে উদণ্ড-উশৃঙ্খলতাৰ পয়োভৰ…।
বুকুত অলেখ জীয়া সপোন 
আই-পিতাইৰ সেউজীয়া সপোন,ভৱিষ্যতৰ ৰঙীন সপোন
জোনাক নিশাৰ সপোন,
মানুহৰ দেশত মানুহ হোৱাৰ সপোন…
কলুষিত নকৰিবা সপোনবোৰক
কালিমা নাসানিবা নিজক,মোক অথবা আনক…
আজিয়ে শেষ নকৰিবা নিজক
কিয়নো আজিয়ে তোমাৰ শেষ নহয়
বছৰে বছৰে আহিব নতুন বছৰ 
যিদৰে ফুলে ঋতুৱে ঋতুৱে নতুন ফুল
নৱবৰ্ষত তোমাক জনাওঁ স্বাগতম…।
উত্তম লইং
দূৰভাষ: ৯১০১৫৬২৩৪৩

Leave a Reply

Your email address will not be published. Required fields are marked *