0 00 1 min 5 yrs 205
সুখবোৰ মোৰ ভগা বেৰত ওলোমাই ৰখা
ঘড়ীটোৰ ঠিক ছেকেণ্ডৰ কাটাডাল
পলকতে পূৰ্ণ হয় আৰু
ৰৈ থাকে বিষাদবোৰ আৰম্ভ হ’বলৈ
জীৱনত বিষাদবোৰে যি ভুমুকি মাৰিলে
ছেকেণ্ড ৰ পৰা মিনিটলৈ…..
মিনিটৰ পৰা ঘন্টালৈ……
ঘন্টাৰ পৰা দিনলৈ…….
মুঠুতে বিষাদবোৰে মোৰ জীৱন প্ৰৰিক্ৰমাত
নিগাজিকৈ সাজি লৈছে পঁজাটি॥

Leave a Reply

Your email address will not be published. Required fields are marked *